অসম

assam

ETV Bharat / state

OC Samarjit Basumatary honoured: কৰ্তব্যৰ সময়ত সাহসৰ পৰিচয় দিয়া অ’চি সমৰজিৎ বসুমতাৰীলৈ সোণৰ পদক

কৰ্তব্যৰ সময়ত দেখুওৱা সাহসিকতাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সোণৰ পদকেৰে সন্মানিত কৰিলে অ’চি সমৰজিৎ বসুমতাৰীক (Samarjit Basumatary honoured with gold medal) ৷ নিজৰ জীৱনৰ নিৰাপত্তাক গুৰুত্ব নিদি কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিৎ বসুমতাৰীয়ে লংগাই নদীত জপিয়াই ডুবিব ধৰা ব্যক্তিজনক উদ্ধাৰ কৰে (Samarjit Basumatary shows his bravery in duty)।

OC Samarjit Basumatary honoured
OC Samarjit Basumatary honoured

By

Published : Nov 1, 2022, 10:17 PM IST

গুৱাহাটী, 1 নৱেম্বৰ: নিজৰ জীৱনৰ নিৰাপত্তাক গুৰুত্ব নিদি আনৰ প্ৰাণ ৰক্ষা কৰা কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিৎ বসুমতাৰীক সম্বৰ্ধনা অসম আৰক্ষীৰ (OC Samarjit Basumatary honoured with gold medal) ৷ বিষয়াজনৰ সাহসিকতাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তেওঁক প্ৰদান কৰে সোণৰ পদক । মঙলবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত আৰক্ষী বিষয়াজনক সোণৰ পদক প্ৰদান কৰা হয় ।

কৰ্তব্যৰ সময়ত সাহসৰ পৰিচয় দিয়া অ’চি সমৰজিৎ বসুমতাৰীলৈ সোণৰ পদক

উল্লেখ্য যে, কৰিমগঞ্জৰ পাথাৰকান্দিত ষঠ পূজাৰ সময়ত এগৰাকী লোকে আত্মহত্যাৰ বাবে নদীত জাঁপ দিছিল (Samarjit Basumatary jumped into river to save a life) । সেই সময়তে অ’চি সমৰজিৎ বসুমতাৰীয়ে নিজৰ প্ৰাণৰ কথা নাভাবি ব্যক্তি গৰাকীক জীৱন ৰক্ষা কৰে । আৰক্ষী বিষয়াৰ মহানুভৱতা আৰু সাহসিকতাৰ বাবে নতুন জীৱন পালে এগৰাকী লোকে ।

সমৰজিৎ বসুমতাৰীয়ে ভৰা নৈত জাঁপ দি জীৱন্তে উদ্ধাৰ কৰে আত্মহত্যা কৰিবলৈ লোৱা ব্যক্তিগৰাকীক (OC saved a life in Langai river)।

নিজৰ জীৱনৰ নিৰাপত্তাক গুৰুত্ব নিদি কৰিমগঞ্জৰ পাথাৰকান্দি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমৰজিৎ বসুমতাৰীয়ে লংগাই নদীত জপিয়াই ডুবিব ধৰা ব্যক্তিজনক উদ্ধাৰ কৰে (Assam Police OC Samarjit Basumatary)। আত্মহত্যা কৰিব বিচৰা লোকজনক অতি কৌশলেৰে উদ্ধাৰ কৰে আৰক্ষী বিষয়াগৰাকীয়ে । আৰক্ষী বিষয়াগৰাকীৰ এনে সাহসিক কার্যক এতিয়া সকলোৱে প্ৰশংসা কৰিছে ।

উল্লেখ্য যে, এই ঘটনাটোৰ পাচতেই অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে বিষয়াগৰাকীৰ সাহসিকতাৰ শলাগ লয় ৷ অসম আৰক্ষীৰ এইগৰাকী বিষয়াৰ কৰ্তব্য নিষ্ঠা আৰু সাহস অসম আৰক্ষীৰ বাবে গৌৰৱৰ কথা বুলি নিজৰ টুইটত উল্লেখ কৰে জি পি সিঙে ৷ সেয়েহে কৰ্তব্যৰ সময়ত দেখুওৱা এনে নিষ্ঠাৰ বাবে আজি সমৰজিৎ বসুমতাৰীক সোণৰ পদকেৰে সন্মানিত কৰা হয় ৷

উল্লেখ্য যে, বিভিন্ন সময়ত অসম আৰক্ষীৰ একাংশ বিষয়া বা জোৱানৰ বিৰুদ্ধে দুৰ্নীতিত নিমজ্জিত হোৱা আৰু কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও তাৰ মাজতে সমৰজিৎ বসুমতাৰীৰ দৰে বিষয়াই মান বৃদ্ধি কৰিছে অসম আৰক্ষীৰ ৷

লগতে পঢ়ক:OC Utpal Borah arrested: আৰক্ষী বিষয়া উৎপল বড়াৰ গ্ৰেপ্তাৰ প্ৰসংগত কি ক'লে ডি জি পিয়ে

ABOUT THE AUTHOR

...view details