অসম

assam

ETV Bharat / state

নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে 11 নৱেম্বৰৰ দিনৰ 11 বজাত বিধানসভাৰ মজিয়াত নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কক পাঠ কৰায় শপত বাক্য । পাঁচটা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ক্ৰমে গোসাঁইগাঁৱৰ জিৰণ বসুমতাৰী (ইউ পি পি এল), ভৱানীপুৰৰ ফণীধৰ তালুকদাৰ (বিজেপি), তামুলপুৰৰ জনেল দৈমাৰী (ইউ পি পি এল), মৰিয়নিৰ ৰূপজ্যোতি কুর্মী (বিজেপি) আৰু থাওৰাৰ সুশান্ত বৰগোঁহায়ে (বিজেপি) আজি বিধায়ক হিচাপে শপত গ্ৰহণ কৰে ।

By

Published : Nov 11, 2021, 2:29 PM IST

নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে
নতুন পাঁচগৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱালে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে

গুৱাহাটী, 11 নৱেম্বৰ :বিগত 2 নৱেম্বৰত ঘোষণা কৰা হৈছিল ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ৷ ৰাজ্যৰ পাঁচটা সমষ্টিতে আধিপত্য বিস্তাৰ কৰিছিল গেৰুৱা দল বিজেপিয়ে ৷ সেয়েহে ইয়াক উদ্দেশ্যি বৃহস্পতিবাৰে সদ্যসমাপ্ত উপ-নিৰ্বাচনত জয়লাভ কৰা পাঁচগৰাকী বিধায়কে শপত গ্ৰহণ কৰে ।

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে 11 নৱেম্বৰৰ দিনৰ 11 বজাত বিধানসভাৰ মজিয়াত নৱনিৰ্বাচিত পাঁচগৰাকী বিধায়কক পাঠ কৰায় শপত বাক্য । পাঁচটা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ক্ৰমে গোসাঁইগাঁৱৰ জিৰণ বসুমতাৰী (ইউ পি পি এল), ভৱানীপুৰৰ ফণীধৰ তালুকদাৰ (বিজেপি), তামুলপুৰৰ জনেল দৈমাৰী (ইউ পি পি এল), মৰিয়নিৰ ৰূপজ্যোতি কুর্মী (বিজেপি) আৰু থাওৰাৰ সুশান্ত বৰগোঁহায়ে (বিজেপি) আজি বিধায়ক হিচাপে শপত গ্ৰহণ কৰে ।

উক্ত শপত গ্ৰহণ অনুষ্ঠানত অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী আৰু বিধায়ক উপস্থিত আছিল । লগতে বিজেপি মিত্ৰদলৰ কেইবাগৰাকী বিধায়কো উপস্থিত থাকে এই অনুষ্ঠানত । বিৰোধী দলৰ একমাত্ৰ চি পি আই এমৰ মনোৰঞ্জন তালুকদাৰহে শপত গ্ৰহণ অনুষ্ঠানটোত উপস্থিত আছিল বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে উপ-নিৰ্বাচনৰ ফলাফলৰ পাছত মাজুলীক বাদ দি বর্তমানৰ 125জনীয়া অসম বিধানসভাত বিজেপিৰ আসনৰ সংখ্যা 59 ৰ পৰা 62 খনলৈ বৃদ্ধি পাইছে । সেইদৰে মিত্ৰদল ইউ পি পি এলৰ আসনৰ সংখ্যা 6 খনৰ পৰা 7 খনলৈ বৃদ্ধি পাইছে ।

ইয়াৰ বিপৰীতে অসম বিধানসভাত কংগ্ৰেছৰ আসনৰ সংখ্যা 29 খনৰ পৰা 27 খনলৈ আৰু এ আই ইউ ডি এফৰ আসনৰ সংখ্যা 15 খনলৈ হ্ৰাস পাইছে ৷ বর্তমান অসম বিধানসভাৰ বিভিন্ন দলৰ স্থিতি এনেধৰণৰ - বিজেপি 62, কংগ্ৰেছ 27, এ আই ইউ ডি এফ 15, অগপ 9, ইউ পি পি এল 7, বি পি এফ 3, চি পি আই (এম) 1 আৰু নির্দলীয় (ৰাইজৰ দল) এক । সদনৰ মজিয়াত বিজেপি মিত্ৰজোঁটৰ শক্তি হৈছে 78 ৷

তাৎপৰ্যপূৰ্ণভাৱে, নৱ নিৰ্বাচিত এই পাঁচ বিধায়কৰ তিনি গৰাকীয়েই মাত্ৰ ছমাহ আগতে বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছিল । এই তিনি বিধায়ক হৈছে ক্ৰমে ৰূপজ্যোতি কুৰ্মী, সুশান্ত বৰগোঁহাই আৰু ফণী তালুকদাৰ । কিন্তু পূৰ্বৰ দল ত্যাগ কৰি বিজেপিত যোগ দিয়াৰ বাবে পুনৰ উপ নিৰ্বাচনত তিনিও প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ী হৈ আহে ৷ এই তিনি বিধায়কৰ কেৱল আসন আৰু পৰিচয়হে সলনি হ'ব । আনহাতে, জলেন দৈমাৰী আৰু জিৰণ বসুমতাৰীয়ে প্ৰথমবাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ আহিছে ৷

লগতে পঢ়ক :অৱশেষত আৰম্ভ হৈছে ধুবুৰী-ফুলবাৰী দলঙৰ কাম

ABOUT THE AUTHOR

...view details