গুৱাহাটী, ২১ ডিচেম্বৰঃ সংশোধিত নাগৰিতত্ব আইনৰ বিৰুদ্ধে মাত মাতি নিজৰ নিৰাপত্তা হেৰুৱাবলগীয়া হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । সুদীৰ্ঘ ২৩ বছৰে এন এছ জিৰ জেড প্লাচ নিৰাপত্তাৰ মাজত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পৰা এন এছ জি প্ৰত্যাহাৰ কৰা হয় শুকুৰবাৰে নিশাৰ পৰা ৷
CAA বিৰোধিতাৰ পৰিণতি : এন এছ জি নিৰাপত্তা প্ৰত্যাহাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ - এন এছ জি নিৰাপত্তা প্ৰত্যাহাৰ মহন্তৰ
সুদীৰ্ঘ ২৩ বছৰে এন এছ জিৰ জেড প্লাচ নিৰাপত্তাৰ মাজত থকা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পৰা এন এছ জি প্ৰত্যাহাৰ কৰা হয় শুকুৰবাৰে নিশাৰ পৰা ৷
![CAA বিৰোধিতাৰ পৰিণতি : এন এছ জি নিৰাপত্তা প্ৰত্যাহাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ এন এছ জি প্ৰত্যাহাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5450195-539-5450195-1576930229732.jpg)
এন এছ জি প্ৰত্যাহাৰ
কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এইদৰে হঠাতে মহন্তৰ এন এছ জি প্ৰত্যাহাৰ কৰা ঘটনা তাৎপৰ্যপূৰ্ণ ৰূপে বিবেচিত হৈছে । অৱশ্যে তেওঁৰ জেড প্লাচ নিৰাপত্তা বেহু এতিয়াও অব্যাহত থাকিব । কেৱল তেওঁৰ কাষত থকা বিগত ২৩ বছৰে দেখি অহা ক'লা পোছাক পৰিহিত এন এছ জি জোৱানৰ বেষ্টনী এতিয়াৰে পৰা আৰু দেখা নাযাব । তাৰ পৰিৱৰ্তে তেওঁৰ জেড প্লাচ নিৰাপত্তা বেষ্টনী আজি পুৱাৰে পৰা চম্ভালি লৈছে চি আৰ পি এফ জোৱানে ।
লগতে পঢ়ক: ৰাজ্যত হিংসাত্মক প্ৰতিবাদৰ তদন্তৰ বাবে বিশেষ দল গঠন