গুৱাহাটী, ৯ জানুৱাৰী: বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা অসমৰ লোকসকল, যিসকলৰ নাম অসমৰ ভোটাৰ তালিকাত আছে সেইসকলেও ২০২১ৰ বিধানসভা নিৰ্বাচনত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা ভোটদান কৰিব পাৰিব । সুদীৰ্ঘ সময়জুৰি বিভিন্ন কূটনৈতিক আঁসোৱাহৰ বাবে প্ৰবাসী ভাৰতীয়সকলে বহিঃৰাষ্ট্ৰৰ পৰা ভোটাধিকাৰ সাব্যস্ত কৰাটো সম্ভৱ হৈ উঠা নাছিল । বিষয়টোৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি অৱশেষত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত গ্ৰহণ কৰিছে চূড়ান্ত সিদ্ধান্ত ।
যোৱা ৪ জানুৱাৰীত নতুন দিল্লীত অনুষ্ঠিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এখন বৈঠকত এই বিষয়ত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয় । ই টিভি ভাৰতে লাভ কৰা তথ্য মতে, ইতিমধ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই বিষয়ে দেশৰ নিৰ্বাচন আয়োগকো অৱগত কৰিছে । সেই অনুসৰি শীঘ্ৰে অনুষ্ঠিত হ'বলগীয়া অসম, পশ্চিমবংগ, পুডুচেৰী, তামিলনাডু আৰু কেৰালাৰ বিধানসভা নিৰ্বাচনত সংশ্লিষ্ট ৰাজ্যসমূহৰ যিসকল নাগৰিক বিদেশত বসতি কৰি আছে তেওঁলোকে ডাকযোগে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।