অসম

assam

ETV Bharat / state

NRCত নাম বাদ পৰা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা ৷ জিলা আইন প্ৰাধিকৰণ বিষয়া আৰু ন্যায়াধীশৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে হোৱা আলোচনাত ৰাজ্যৰ প্ৰত্যেকখন আদালতৰ জিলা প্ৰাধিকাৰী কাৰ্য্যালয়ত উপলব্ধ হ’ব বিনামূলীয়া আইন সেৱা ৷

NRC ত নাম নোহোৱা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা

By

Published : Sep 15, 2019, 10:45 AM IST

গুৱাহাটী, 15 ছেপ্তেম্বৰঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম নথকা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা ৷ জিলা আইন প্ৰাধিকৰণ বিষয়া আৰু ন্যায়াধীশৰ আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ শীৰ্ষ আৰক্ষী বিষয়াৰ সৈতে হোৱা বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে জিলা আইন প্ৰাধিকাৰী বিষয়া জ্যোৎস্না দাসে ।

NRC ত নাম নোহোৱা লোকক প্ৰদান কৰা হ’ব বিনামূলীয়া আইন সেৱা

যিসকল লোকৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকে বিদেশী ন্যায়াধীকৰণত আপীল কৰিব পাৰিব বুলিও সদৰী কৰে আইন প্ৰাধিকাৰী বিষয়াগৰাকীয়ে । জ্যোৎস্নায়ে কয়, ৰাজ্যৰ প্ৰত্যেকখন আদালতৰ জিলা প্ৰাধিকাৰী কাৰ্য্যালয়ত উপলব্ধ হ’ব এই আইনসেৱা ৷ লগতে মহিলা, শিশুৰ বাবেও উপলব্ধ হ’ব এই বিশেষ আইন সেৱা ।

আনহাতে এই বৈঠকত উপস্থিত থকা গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে কুমাৰপাৰাৰ হত্যাকাণ্ড সন্দৰ্ভত কয় যে মহানগৰীৰ কুমাৰপাৰাত সংঘটিত হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত চলি আছে । অতি শীঘ্ৰে আমি দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম হম ৷

ABOUT THE AUTHOR

...view details