গুৱাহাটী, 30, জুলাইঃ প্ৰকাশ কৰিব নোৱাৰিব এনআৰচি সম্পৰ্কীয় কোনো তথ্য । কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানমণ্ডলেও নাগৰিকপজ্ঞী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অনুমতি অবিহনে কোনো তথ্য প্ৰকাশ কৰিব নোৱাৰিব । এই নিৰ্দেশ ভাৰতৰ উচচতম ন্যায়ালয়ৰ । সোমবাৰে অগপৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক আবেদনৰ ভিত্তিত এই আদেশ ন্যায়ালয়ৰ । ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বৰ্তমানলৈকে কিমানজন বিদেশীৰ নাম এনআৰচি পৰা কৰ্তন হ'ল আৰু কিমানজন বিদেশী চিনাক্তকৰণ হ'ল সেই বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত এই ন্যায়ালয়ে বিগত বৰ্ষৰ ১৯ চেপ্তেম্বৰত দিয়া ৰায়ৰ প্ৰসংগ উল্লেখ কৰি এই মন্তব্য চন্দ্ৰমোহন পাটোৱাৰীৰ।
প্ৰকাশ কৰিব নোৱাৰিব এনআৰচি সম্পৰ্কীয় কোনো তথ্য ! - Assam Accord Implementation Minister Chandra Mohan Patowary
অসম বিধানসভাত দাখিল কৰা তথ্য অনুযায়ী বিদেশী ন্যায়াধীকৰণৰ জড়িয়তে ৩১মাৰ্চ ২০১৯ লৈকে ১,১৭,১৬৮ গৰাকী অবৈধ নাগৰিক বৰ্তমানালৈকে চিনাক্ত কৰা হৈছে । ইয়াৰোপৰি ১৯৮৫ চনৰ পৰা ৩০ জুন ২০১৯ লৈকে মাত্ৰ ২৯, ৮৫৫ গৰাকী বিদেশী হে বহিস্কাৰ কৰা হৈছে ।
প্ৰকাশ কৰিব নোৱাৰিব এনআৰচি সম্পৰ্কীয় কোনো তথ্য !
উল্লেখ্য যে, অসম বিধানসভাত দাখিল কৰা তথ্য অনুযায়ী বিদেশী ন্যায়াধীকৰণৰ জড়িয়তে ৩১মাৰ্চ ২০১৯ লৈকে ১,১৭,১৬৮ গৰাকী অবৈধ নাগৰিক বৰ্তমানালৈকে চিনাক্ত কৰা হৈছে । ইয়াৰোপৰি ১৯৮৫ চনৰ পৰা ৩০ জুন ২০১৯ লৈকে মাত্ৰ ২৯, ৮৫৫ গৰাকী বিদেশী হে বহিস্কাৰ কৰা হৈছে ।