গুৱাহাটী, ১৪ ছেপ্টেম্বৰ:ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই পূৰ্বতে কৰা ঘোষণা অনুসৰি শনিবাৰৰ পুৱা ১০ বজাৰ পৰা অনলাইনত উপলব্ধ হৈছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ।
অনলাইনত উপলব্ধ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষ
www.nrcassam.nic.in ৱেবচাইটত যিকোনো লোকে নিজৰ বা তেওঁৰ পৰিয়ালৰ ARN টাইপ কৰি তালিকাত নাম চাব পাৰিব । আজি পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই এই অনলাইন ব্যৱস্থা সকলোৰে বাবে মুকলি কৰি দিয়ে ।
![অনলাইনত উপলব্ধ হ'ল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4435850-thumbnail-3x2-nrcfinal.jpg)
www.nrcassam.nic.in ৱেবচাইটত যিকোনো লোকে নিজৰ বা তেওঁৰ পৰিয়ালৰ ARN টাইপ কৰি তালিকাত নাম চাব পাৰিব । বিগত ৩১ আগষ্টত এখন কৰ্তন তালিকা প্ৰকাশ কৰা হৈছিল আৰু সেই তালিকাত ১৯ লাখ ৬ হাজাৰ ৬৫৭ জন লোকৰ নাম কৰ্তন কৰা হৈছিল । সেই সময়ত অনলাইন যোগে কেৱল সেই কৰ্তন তালিকাখনহে উপলব্ধ হৈছিল ৷ কিন্তু আজি পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰ্তৃপক্ষই এই অনলাইন ব্যৱস্থা সকলোৰে বাবে মুকলি কৰি দিয়ে । ফলত এতিয়াৰে পৰা অনলাইনত উপলব্ধ হ'ল নাগৰিকপঞ্জীৰ পূৰ্ণাংগ তালিকা য'ত যিকোনো লোকে নিজৰ ARN টাইপ কৰিলেই নাম অন্তৰ্ভুক্তিৰ সকলো তথ্য লাভ কৰাৰ ব্যৱস্থা সম্পূৰ্ণ হ'ল ।