অসম

assam

ETV Bharat / state

NRCত অন্তৰ্ভুক্ত নহ'ল ১৫ হাজাৰ ভোজপুৰী সম্প্ৰদায়ৰ লোক - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী

৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম সন্নিবিষ্ট নহ'ল ১৯,০৬৬৫৭ গৰাকী লোকৰ নাম । তালিকাখন প্ৰকাশৰ পিছতে বহু প্ৰকৃত ভাৰতীয়ৰ নাম তালিকাখনত সন্নিবিষ্ট নোহোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ লগতে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে ।

NRCত অন্তৰ্ভুক্ত নহ'ল ১৫ হাজাৰ ভোজপুৰী সম্প্ৰদায়ৰ লোক

By

Published : Sep 7, 2019, 5:18 AM IST

গুৱাহাটী, 7 চেপ্তেম্বৰঃ শেহতীয়াকৈ প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত নহ'ল ৰাজ্যত বসবাস কৰা প্ৰায় ১৫ হাজাৰ ভোজপুৰী সম্প্ৰদায়ৰ লোকৰ নাম । ইয়াৰ ভিতৰত সৰ্বাধিক ৪ হাজাৰ ভোজপুৰী লোকৰ নাম সন্নিবিষ্ট নহ'ল ওদালগুৰি জিলাত ।

NRCত অন্তৰ্ভুক্ত নহ'ল ১৫ হাজাৰ ভোজপুৰী সম্প্ৰদায়ৰ লোক

৩১ আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত নাম সন্নিবিষ্ট নহ'ল ১৯,০৬৬৫৭ গৰাকী লোকৰ । তালিকাখন প্ৰকাশৰ পিছতে বহু প্ৰকৃত ভাৰতীয়ৰ নাম তালিকাখনত সন্নিবিষ্ট নোহোৱাৰ অভিযোগ উত্থাপিত হৈ অহাৰ লগতে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বিভিন্ন দল-সংগঠনে । নাগৰিকপঞ্জীত ভোজপুৰী সম্প্ৰদায়ৰ লোকৰ নাম সন্নিৱিষ্ট নোহোৱাত এইবাৰ নাগৰিকপঞ্জীখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ ভোজপুৰী সংগঠনে । ভোজপুৰী সন্মিলনৰ সভাপতি নৰেন্দ্ৰ প্ৰকাশ চৌহানে এক সংবাদমেল অনুষ্ঠিত কৰি অভিযোগ উত্থাপন কৰে যে নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখনত বহু প্ৰকৃত ভাৰতীয় নাম অন্তৰ্ভুক্ত নোহোৱাৰ বিপৰীতে বহু বিদেশীৰ নাম অন্তৰ্ভুক্ত হৈছে। ভোজপুৰী সন্মিলনৰ সভাপতি গৰাকীয়ে লগতে অভিযোগ উত্থাপন কৰে যে বৈধ নথিপত্ৰ থকাৰ পিছতো নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাখনত নাম অন্তৰ্ভুক্ত নহ'ল বহু ভোজপুৰী সম্প্ৰদায়ৰ লোকৰ নাম । ৰাজ্যত বসবাস কৰা ভোজপুৰী সম্প্ৰয়াৰ ১৫ হাজাৰতকৈও অধিক লোকৰ নাম নাগৰিকপঞ্জীত সন্নিবিষ্ট নহ'ল । ওদালগুৰি জিলাত সৰ্বাধিক ৪ হাজাৰ ভোজপুৰী সম্প্ৰদায়ৰ লোকৰ নাম সন্নিবিষ্ট নহ'ল নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাত ।
ভোজপুৰী সম্প্ৰদায়ৰ লোক সকল স্বাধীনতাৰ পূৰ্বে বিভিন্ন কৃষি কৰ্মৰ বাবে অসমলৈ আহি বসতি কৰিছিল আৰু ভাৰতৰ ভূমিপুত্ৰ হোৱাৰ বাবে ভোজপুৰী লোক সকলক বিনা চৰ্তত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ভোজপুৰী সন্মিলনৰ সভাপতি নৰেন্দ্ৰ প্ৰকাশ চৌহানে ।

ABOUT THE AUTHOR

...view details