এককভাৱেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এন পি পিয়ে - গুৱাহাটী
অসমৰ 5 খন আসনত জয়ী হোৱাৰ দাবী
এককভাৱেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এন পি পিয়ে
গুৱাহাটী, ১১ মাৰ্চ : এককভাৱেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এন পি পিয়ে । উত্তৰ পূৰ্বাঞ্চলৰ 25টা লোকসভা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলটোৱে । উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক উন্নয়ন,দক্ষতা বিকাশ, নিবনুৱা সমস্যা,নাগৰিকত্ব সংশোধনী বিধেয়ককে ধৰি বিভিন্ন সমস্যাক মূল ইচ্ছ্যু হিচাপে লৈ নিৰ্বাচন খেলিব দলটোৱে । ইপিনে অসমত 5 খন আসন পোৱাৰ বিপৰীতে সমগ্ৰ উত্তৰ-পূ্ৰ্বাঞ্চলতে 10 খন আসন পাব বুলিও মন্তব্য কৰে দলটোৰ নেতৃত্বই ।