গুৱাহাটী,৮ জানুৱাৰী : ইথানল মিহলি পেট্ৰল বিক্ৰী (Selling of ethanol added petrol in NE) কৰাত আপত্তি নাই নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ এছচিয়েচনৰ (Northeast petroleum dealer association)। আজি এখন সংবাদমেল সম্বোধন কৰি এছচিয়েচনৰ সভাপতি ৰাজীৱ গোস্বামীয়ে কয় যে, হঠাৎ সোমবাৰৰ পৰা তেল কোম্পানী সমূহে উত্তৰ পূৰ্বাঞ্চলৰ পেট্ৰল ডিপো সমূহত ইথানল মিহলি পেট্ৰল বিক্ৰী কৰিব লাগিব বুলি এক নিৰ্দেশনা জাৰি কৰিছে (Order of Selling ethanol added petrol in NE) ।
এই নিৰ্দেশনাৰ পিছতে পেট্ৰল পাম্প সমূহৰ স্বত্বাধিকাৰী সমূহ চিন্তিত হৈ পৰিছে । উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে যোগান ধৰিব লগীয়া ইথানল মিহলি পেট্ৰলত ১০% ইথানল থাকিব । সভাপতি গোস্বামীয়ে লগতে কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ সেমেকা জলবায়ুৰ বাবে পেট্ৰল ডিপোৰ পেট্ৰল থকা টেংকিবোৰ প্ৰায় ঘামি যায় আৰু ভিতৰত পানী জমা হয় । সময়ে সময়ে এই পানীখিনি বাহিৰলৈ উলিয়াই টেংকিবোৰ চাফা কৰা হয় । ৰাসায়নিক ধৰ্ম মতে পানীৰ লগত ইথানল মিহলি হৈ একেবাৰে পানীলৈ ৰূপান্তৰিত হয় ।
ইথানল মিহলি পেট্ৰলত ১০% ইথানল যিহেতু মিহলি হৈ থাকিবই গতিকে পানীৰ পৰিমাণ টেংকত বৃদ্ধি হ’ব যদিহে উপযুক্ত প্ৰক্ৰিয়াৰে এই পানীখিনি টেংকৰ পৰা নাইকিয়া কৰা নহয় ৷