গুৱাহাটী, ৪ জানুৱাৰী : শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজখনৰ কাহিনী গুচ্ছৰ আধাৰত এক মনোৰম উপন্যাস উন্মোচন । ২০১৮ চনৰ সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ (Sahitya Academy Youth Award winner Bipasha Bora) বঁটা বিজয়ী গল্পকাৰ-লেখিকা বিপাশা বৰাৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস 'জাকাৰান্দা' গুৱাহাটী আৰ্টিষ্ট গীল্ডত (Guwahati Artist Guild) আয়োজিত এক গ্ৰন্থ উন্মোচনী সভাত উন্মোচন কৰা হয় (Bipasha Bora novel Jakaranda inaugurated) ।
গুৱাহাটীৰ বনলতা প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা উপন্যাসখন প্ৰসিদ্ধ ঔপন্যাসিক, সমালোচক তথা শিক্ষাবিদ প্ৰফেছৰ তিলোত্তমা মিশ্ৰ, গল্পকাৰ আৰু ঔপন্যাসিক বন্তি শেনচোৱা আৰু কবি-গল্পকাৰ আৰু 'সাতসৰী' আলোচনীৰ সম্পাদক অতনু ভট্টাচাৰ্যই উন্মোচন কৰে । অনুষ্ঠানত 'জাকাৰান্দা' উপন্যাসখনৰ মাজৰ পৰা এটি সৰু অংশ পাঠ কৰি শুনায় শিশু শিল্পী আগান আৰু আৱৰিয়ে । আনহাতে, গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি 'শ্বিলঙৰ পুৰণি আৰু সমকালীন অসমীয়া সমাজ' শীৰ্ষক এটি আন্তৰিক ভাব বিনিময় অনুষ্ঠানৰো আয়োজন কৰা হয় ।
ঐতিহ্য-সংৰক্ষক অভিনিৱেশ শৰ্মাই আঁত ধৰা এই আকৰ্ষণীয় অনুষ্ঠানটোত তিনিওগৰাকী সাহিত্যিকৰ সৈতে বিপাশা বৰায়ো অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ঔপন্যাসিক তিলোত্তমা মিশ্ৰই শ্বিলঙৰ ঠাণ্ডাৰ দিনত তাহানিখনত কেঁকাই কেঁকাই স্কুললৈ যোৱাৰ স্মৃতি ৰোমন্থন কৰে । তেওঁ লগতে কয় যে শ্বিলঙত থকা তেওঁলোকৰ ঘৰখনৰ সন্মুখত জাকাৰান্দা গছ আছিল । আজিকালি শ্বিলঙত জাকাৰান্দা কমি আহিছে । শ্বিলং এতিয়াও তেওঁৰ হাড়ে-হিমজুৱে শিপাই থকা বুলিও উল্লেখ কৰে ।