অসম

assam

ETV Bharat / state

Higher Education Department: মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষকলৈ পাঠদান সন্দৰ্ভত উচ্চ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা - শিক্ষা বিভাগ

উচ্চ শিক্ষা বিভাগে ৰাজ্যখনৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে কেইবাটাও নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত এই নিৰ্দেশনা জাৰি কৰিছে বিভাগে ৷

Notification of Assam Higher Education Department
পাঠদান সন্দৰ্ভত উচ্চ শিক্ষা বিভাগৰ জৰুৰী জাননী

By

Published : Jul 11, 2023, 6:30 PM IST

গুৱাহাটী, 11 জুলাই: উচ্চ শিক্ষা বিভাগে ৰাজ্যখনৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে ভালেমান নীতি-নিৰ্দেশনা জাৰি কৰিছে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সফলভাৱে ৰূপায়ণৰ ভিত্তিত এই নিৰ্দেশনা জাৰি কৰিছে উচ্চ শিক্ষা বিভাগে ৷ এতিয়াৰে পৰা বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ অধ্যাপকসকলে কেৱল পাঠদানতেই ব্যস্ত থকাৰ সলনি শিক্ষার্থীসকলক সমাজ সচেতন নাগৰিক হিচাপে গঢ়ি তোলা, সামাজিক উদ্যমিতা আৰু সমূহীয়া অংশগ্ৰহণৰ বাবে শিক্ষার্থীসকলক লৈ কিছুমান পদক্ষেপো ল’ব লাগিব ৷

উচ্চ শিক্ষা বিভাগৰ জৰুৰী নিৰ্দেশনা

বিশ্ববিদ্যালয় অনুদান আয়োগে ঠিক কৰি দিয়া মতে, অধ্যাপকসকলে সপ্তাহত কমেও 40 ঘণ্টা সময় শিক্ষানুষ্ঠানত থাকিব লাগে ৷ ইয়াৰে 16 ঘণ্টা সময় শ্ৰেণীকোঠাৰ পাঠদানত ব্যয় কৰিব লাগে ৷ সেই হিচাপত শিক্ষকসকলক 7-8 ঘণ্টা সময় শিক্ষানুষ্ঠানত কটাবলৈ কোৱা হৈছে ৷ 40 ঘণ্টা সময়ৰ কেনেদৰে ব্যয় হ’ব সেই সম্পৰ্কেও বিতং নিৰ্দেশনা দিয়া হৈছে ৷

এই সময়সূচী বছৰটোৰ আঠ মাহত (জানুৱাৰী-ফেব্ৰুৱাৰীৰ পৰা মে’লৈ আৰু আগষ্টৰপৰা নৱেম্বৰ-ডিচেম্বৰলৈ) প্ৰযোজ্য হ'ব ৷ জুন আৰু ডিচেম্বৰ মাহত শিক্ষকসকলে পৰীক্ষা আৰু বহী চোৱাৰ কাম কৰিব ৷ গ্ৰীষ্ম আৰু ঠাণ্ডাৰ বন্ধৰ দুমাহত ফিল্ড ৱৰ্কৰ উপৰিও পঢ়া-শুনা কৰিব ৷ ইফালে, পি এইচ ডি গৱেষক থকা শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত মুৰব্বী অধ্যাপকে পাঠদানত 12 ঘণ্টা, অধ্যাপক আৰু সহযোগী অধ্যাপকে 14 ঘণ্টা পাঠদানত ব্যয় কৰিব লাগিব ৷ গৱেষক ছাত্ৰ নথকাৰ ক্ষেত্ৰত সহকাৰী অধ্যাপকে 18 ঘণ্টা পাঠদান কৰিব লাগিব ৷

বিশ্ববিদ্যালয়ত অধ্যাপকসকলৰ কামৰ সময় পুৱা 9 বজাৰপৰা 5 বজালৈ হ’ব ৷ অগ্ৰণী বিদ্যালয় আৰু গৱেষণা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত দুপৰীয়া 1 বজাৰপৰা 2 বজালৈ টিফিন টাইম থাকিব ৷ সকলো প্ৰতিষ্ঠানতে উপস্থিতিৰ খতিয়ান ৰখাটো বাধ্যতামূলক ৷ আন্তঃ আৰু বহিঃ মূল্যায়ন দুয়োধৰণৰ পৰীক্ষাকে সমানে গুৰুত্ব সহকাৰে ল'ব লাগিব ৷

নিৰ্দিষ্ট সময়ত অধ্যাপকসকলে উত্তৰবহী মূল্যায়ন সম্পূৰ্ণ কৰিব লাগিব আৰু সেয়া কৰিব নোৱাৰাসকলক জবাবদিহি কৰিব লাগিব ৷ পৰীক্ষাৰ কামত অধ্যাপকৰ অংশগ্ৰহণ বাধ্যতামূলক আৰু তাৰ বাবে কোনো ধৰণৰ মাননি নাপাব তেওঁলোকে৷ আভ্যন্তৰীণ পৰীক্ষাৰ উত্তৰবহী এসপ্তাহৰ ভিতৰত পৰীক্ষা কৰি শিক্ষার্থীক ওভতাই দিব লাগিব ৷ ছেমিষ্টাৰ পৰীক্ষা শেষ হোৱাৰ 15 দিনৰ ভিতৰত উত্তৰবহীৰ মূল্যায়ন সম্পূৰ্ণ কৰিব লাগিব আৰু এমাহৰ ভিতৰত ফলাফল ঘোষণা কৰিব লাগিব ৷ শিক্ষার্থীক পৰামৰ্শদানৰ (মেণ্টৰিং) ক্ষেত্ৰত প্ৰতিমাহে মূল্যায়ন কৰি তাক নথিভুক্ত কৰিব লাগিব ৷

লগতে পঢ়ক:Assam government griha pravesh ceremony: 13 জুলাইত 3 লাখ ঘৰৰ গৃহ প্ৰৱেশ

ABOUT THE AUTHOR

...view details