অসম

assam

By

Published : Aug 18, 2022, 7:43 AM IST

ETV Bharat / state

APSCৰ প্ৰাক্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মালৈ জাননী প্ৰেৰণ কৰিছে (Notice issued to former APSC Chief Controller of Examination Bibha Sharma)৷ ইটিভি ভাৰতক এই কথা জানিবলৈ দি ন্যায়াধীশ শৰ্মাই কয় যে অহা 15 দিনৰ ভিতৰত বিভা শৰ্মাক এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে ৷ অনুৰূপভাৱে ন্যায়াধীশ শৰ্মা তদন্ত আয়োগে (Justice Biplab Kumar Sharma Commission ) জাননী প্ৰেৰণ কৰিছে লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য বসন্ত দলেলৈও (Notice issued to Basanta Doley)৷

Notice issued to former APSC Chief Controller of Examination Vibha Sharma
APSC ৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মালৈ জাননী জাৰি

নিউজ ডেস্ক, 18 আগষ্ট: অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ নতুন মোৰ (APSC scam) ৷ শেহতীয়াকৈ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন পৰীক্ষা নিয়ন্ত্ৰক বিভা শৰ্মালৈ জাননী প্ৰেৰণ কৰিছে (Notice issued to former APSC Chief Controller of Examination Bibha Sharma)৷ ইটিভি ভাৰতক এই কথা জানিবলৈ দি ন্যায়াধীশ শৰ্মাই কয় যে অহা 15 দিনৰ ভিতৰত বিভা শৰ্মাক এই জাননীৰ উত্তৰ দিবলৈ কোৱা হৈছে ৷ অনুৰূপভাৱে ন্যায়াধীশ শৰ্মা তদন্ত আয়োগে (Justice Biplab Kumar Sharma Commission ) জাননী প্ৰেৰণ কৰিছে লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য বসন্ত দলেলৈও (Notice issued to Basanta Doley)৷ বসন্ত দলেক ইতিমধ্যে গ্ৰেপ্তাৰো কৰা হৈছিল ৷

উল্লেখ্য যে ৰাকেশ পাল লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ থকাৰ সময়তেই 2014 চনত সেই সময়ৰ আয়োগৰ প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিনহাই প্ৰায় 50 হাজাৰ পৰীক্ষাৰ উত্তৰবহী ৰহস্যজনকভাৱে জ্বলাই দিছিল (Nandbabu Sinha mysteriously burnt OMR sheets) ৷ পৰৱৰ্তী কালত অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছিল যে ৰাকেশ পালৰ নিৰ্দেশ অনুসৰিয়েই নন্দবাবু সিনহাই এই কাম কৰিছিল ৷ 2013 চনত হোৱা APSC ৰ নিযুক্তি কেলংকাৰীৰ তদন্ত যেতিয়া ন্যায়াধীশ বিল্পৱ কুমাৰ শৰ্মা আয়োগে কৰিছিল সেই সময়ত স্বাভাৱিকতে তদন্তৰ আওতাত সোমাই পৰিছিল নন্দবাবু সিনহা ৷ গতিকে তদন্ত প্ৰক্ৰিয়া সুকলমে চলাই নিয়াৰ স্বাৰ্থতেই সেই সময়ত নন্দবাবু সিনহাক দায়িত্বৰ পৰা আঁতৰাই ৰখা হৈছিল ৷

কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে সেই সময়ত সেই নন্দবাবু সিনহাক আঁতৰাই বিভা শৰ্মাক প্ৰধান পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্ব দিয়া হৈছিল যদিও সকলো কাম-কাজ কিন্তু বিধি বহিৰ্ভূতভাৱে নন্দবাবু সিনহাইহে কৰি গৈছিল ৷ তাতোকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল 2013 চনৰ নিযুক্তি প্ৰক্ৰিয়াত বিভা শৰ্মাৰ পুত্ৰ অভিষেক বৰবৰা আৰু 2014 চনত নন্দবাবু সিনহাৰ বৰকন্যাই নিযুক্তি লাভ কৰিছিল ৷ এই সমস্ত বিষয়টো চালি জাৰি চাই এতিয়া ন্যায়াধীশ শৰ্মা আয়োগে বিভা শৰ্মাক 15 দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিছে ৷

লগতে পঢ়ক:বিধানসভাৰ বিশেষ অধিবেশনত বিশেষ ৰূপত বিধায়ক অখিল গগৈ

ABOUT THE AUTHOR

...view details