গুৱাহাটী, ১৮ আগষ্ট :এগৰাকী চিৰ জাগ্ৰত অসমীয়া, বিশিষ্ট শিক্ষাবিদ, প্ৰাক্তন অধ্যাপক দেৱেন দত্ত আৰু নাই । আকস্মিকভাৱে গুচি গ’ল জাতি আৰু ভাষাটোৰ বাবে জীৱনজুৰি মাত মাতি অহা মানুহজন । যোৱা নিশা ১২:১০ বজাত (বৃহস্পতিবাৰে) দেহাৱসান ঘটে বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সক্ৰিয় ৰাজহুৱা কৰ্মী আৰু কটন কলেজৰ ভূতপূৰ্ব উপাধ্যক্ষ তথা ইংৰাজী বিষয়ৰ অধ্যাপক দেৱেন দত্তৰ ।
গুৱাহাটী চিকিৎসা মহাবিদ্যলয় হাস্পতালত যোৱা নিশা তেখেতে শেষ নিশ্বাস ত্যাগ কৰে ৷ যোৱা ১১ আগষ্টৰ পৰা তেখেতে চিকিৎসা মহাবিদ্যালয়খনত চিকিৎসা গ্ৰহণ কৰি আছিল ৷ এই সম্পৰ্কত মৃত্যুৰ আগলৈকে তেখেতৰ স্বাস্থ্যৰ অৱনতিৰ সম্পৰ্কে কোনো খবৰেই প্ৰচাৰিত হোৱা নাছিল । যোৱা নিশা অৰ্থাৎ বৃহস্পতিবাৰে হৃদৰোগত আক্ৰান্ত হৈ ৮১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই ৷
ঐতিহ্যমণ্ডিত কটন কলেজৰ (বৰ্তমান কটন বিশ্ববিদ্যালয়) ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক তথা উপাধ্যক্ষ দেৱেন দত্তৰ মৃত্যুৰ বাতৰিয়ে সকলোকে সঁচাকৈ মৰ্মাহত কৰিছে ৷ তেখেতে বিদ্যায়তনিক দিশৰ উপৰিও অসমৰ জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত সদায়েই দৃঢ়তাৰে মাত মাতি আহিছিল অধ্যাপক দত্তই ৷