গুৱাহাটী, ২৪ এপ্ৰিল :বিজেপিত যোগদান নকৰে কংগ্ৰেছৰ পৰা ৬ বছৰৰ বাবে বহিষ্কৃত হোৱা অংকিতা দত্তই ৷ শ্ৰীনিবাসৰ নিৰ্যাতনৰ বিৰুদ্ধে নিজৰ আইনী যুঁজখন চলাই যোৱাৰ অংগীকাৰ অংকিতাৰ (Angkita Dutta controversy) ৷ কংগ্ৰেছৰ পৰা বহিষ্কাৰ হোৱাৰ পিচত পোন প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে মুখ খুলি সোমবাৰে এই কথা স্পষ্ট কৰিছে অংকিতা দত্তই (Angkita Dutta press meet) ৷
যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি গোচৰ দাখিল কৰি বহিষ্কাৰ হ’বলগীয়া হোৱা অংকিতাই সোমবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি নিজৰ স্থিতি স্পষ্ট কৰে ৷ “দৰকাৰ পৰিলে নাৰীয়ে কেতিয়াবা দুৰ্গাৰ ৰূপ ধৰিবলগীয়া হয় ৷ আমাৰ সমাজ ব্যৱস্থা এনেকুৱাও হয়, অন্যায় আৰু বঞ্চনাৰ বিৰুদ্ধে মাত মাতিলে প্ৰশ্নৰ সন্মুখীন হ’ব লগা হয় নাৰী ৷” অংকিতাই কয় (Angkita Dutta latest news) ৷
নিজৰ বহিষ্কাৰৰ প্ৰসংগত অংকিতা দত্তই কয়, “কংগ্ৰেছে মোক বহিষ্কাৰ কৰিছে ৷ এই সিদ্ধান্তই মোক আঘাত দিছে ৷ মই আমাৰ পৰিয়ালৰ চতুৰ্থ পুৰুষৰ কংগ্ৰেছী ৷ সেয়ে দায়িত্ব মই বুজি পাওঁ ৷ দলৰ একাংশই মোক ভুল বুজিছে ৷ একাংশ নেতাই মোক ভুল বুজিছে ৷ এতিয়াও মই আমাৰ দল বুলিয়েই কওঁ’’ (AYCP Angkita Dutta expelled)।
এই সংবাদমেলতে অংকিতাই দাবী কৰে যে, কিছুদিনৰ পিচত দলে নিজে অনুভৱ কৰিব তেওঁ উত্থাপন কৰা বিষয়টোৰ কিমান সত্যতা আছে ৷ শ্ৰীনিবাসৰ ওপৰত তৰা গোচৰ প্ৰসংগত তেওঁ দলৰ ওপৰত নহয়, ব্যক্তিৰ ওপৰতহে গোচৰটো তৰাৰ কথা প্ৰকাশ কৰে ৷ তেওঁৰ বিৰুদ্ধে বিজেপিত যোগদান কৰিব বুলি যি চৰ্চা চলিছে, সেয়া প্ৰত্যাখ্যান কৰিছে অংকিতাই ৷