অসম

assam

ETV Bharat / state

মই মুখ্যমন্ত্ৰী পদৰ দৌৰত নাই: হিমন্ত বিশ্ব শৰ্মা - not in the race for chief ministers position himanta

সমাগত অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগ নবঢ়াই মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাত আগ্ৰহী নহয় বুলি মন্তব্য মন্ত্ৰী শৰ্মাৰ ৷ মুখ্যমন্ত্ৰী পদবীৰ দৌৰৰ প্ৰতিও কোনো আগ্ৰহ নথকাৰ কথা ব্যক্ত কৰিলে মন্ত্ৰী গৰাকীয়ে ৷ নিজ গ্ৰন্থ 'সপোনৰ পম খেদি' উন্মোচনী অনুষ্ঠানত উপস্থিত দৰ্শকৰ সতে মত বিনিময় কৰি এইদৰে মনৰ ভাৱ ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে ৷

Not in the race for Chief minister's position: Himanta
হিমন্ত বিশ্ব শৰ্মা

By

Published : Feb 18, 2021, 8:01 PM IST

গুৱাহাটী, 18 ফেব্ৰুৱাৰী:অসমৰ মুখ্যমন্ত্ৰীৰ আসন খনৰ প্ৰতি কোনো আগ্ৰহ নাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ নিজমুখে এই কথা জনালে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বুধবাৰে নিজৰ সপোনৰ পম খেদিশীৰ্ষক গ্ৰন্থ খনৰ উন্মোচনী অনুষ্ঠানত উপস্থিত ৰাইজৰ সৈতে মত বিনিময় কৰাৰ সময়ত এই কথা উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ তেওঁ কয় যে তেঁও কোনো কাৰণতে মুখ্যমন্ত্ৰী পদবীৰ দৌৰত নাই আৰু সমাগত অসম বিধানসভা নিৰ্বাচনতো এইবাৰ প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁ অনিচ্ছুক ৷

অসম বিধান সভা নিৰ্বাচনত প্ৰাৰ্থীত্ব আগ নবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে, এই সন্দৰ্ভত তেওঁ ইতিমধ্যে দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ দলৰ হৈ প্ৰতিদ্বন্দিতা কৰাৰ আগ্ৰহ নাথাকিলেও দলৰ হৈ কাম কৰি যাব বুলি মন্ত্ৰী গৰাকীয়ে পত্ৰখনত উল্লেখ কৰিছে ৷ অৱশ্যে এই সন্দৰ্ভত চুড়ান্ত সিদ্ধান্ত দলেহে গ্ৰহণ কৰিব বুলিও মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

মুখ্যমন্ত্ৰীত্বৰ দৌৰত তেওঁৰ স্থিতি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, কোনো পদবীতকৈ ৰাইজে তেওঁক তেওঁৰ আদৰ্শৰ বাবে মনত পেলোৱাটোহে তেওঁৰ কাম্য ৷ তেওঁ কয় যে, "এতিয়া এই 52 বছৰ বয়সত মোৰ কোনো আদৰ্শগত কাৰণৰ বাবেহে কাম কৰিবলৈ ইচ্ছা আছে ৷ মই দলীয় আদৰ্শৰ বাবে কাম কৰিব বিচাৰো ৷ পদবী মোৰ বিচাৰ্য বিষয় নহয় ৷ "

উল্লেখ্য যে, 2015 চনত কংগ্ৰেছ দল ত্যাগ কৰি শৰ্মাই বিজেপি দলত যোগদান কৰিছিল ৷ কংগ্ৰেছ দলৰ অধিকাংশ বিধায়কে আহ্বান জনোৱাৰ পাছতো কংগ্ৰেছ দলৰ হাই কামাণ্ডে শৰ্মাক মুখ্যমন্ত্ৰী পতাৰ পক্ষপাতী নাছিল ৷

লগতে পঢ়ক:মহাজোঁটত মহা অথন্তৰ: বিধায়ক আমিনুলক কাৰণ দৰ্শোৱাৰ জাননী

ABOUT THE AUTHOR

...view details