গুৱাহাটী,৬ ফেব্রুৱাৰী : ৰাজ্যত অব্যাহত আছে ক'ভিডৰ টীকাকৰণ প্ৰক্ৰিয়া (Vaccination progress of Assam)। বিশেষকৈ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পূৰ্বে ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰী তথা শিক্ষাৰ্থীসকলক প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া অব্যাহত আছে । কিন্তু বৰ্তমান পৰিস্থিতিত ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ ৰাজ্যৰ সকলোৱে ক'ভিড-১৯ৰ প্ৰতিষেধক লাভ কৰাৰ কোনো সম্ভাৱনা নাই । কিয়নো এতিয়ালৈকে ৰাজ্যখনৰ ১৫ৰ পৰা ১৮ বছৰ বয়সৰ প্রায় ৫০ শতাংশইহে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে (Teens vaccination status in Assam)।
উল্লেখ্য যে ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ সকলোকে প্ৰতিষেধক প্রদানৰ বাবে নির্দেশ দিছিল । কিন্তু শেহতীয়াকৈ ৰাজ্যখনত অত্যন্ত লেহেমগতিত প্ৰতিষেধক প্ৰদানৰ কাম চলি আছে । স্বাস্থ্য বিভাগৰ এটা সূত্রই জনোৱা মতে ৰাজ্যখনত ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ সংখ্যা হৈছে প্রায় ২০.৩৭ লাখ । কিন্তু এতিয়ালৈকে ৰাজ্যখনত এই বয়সৰ প্ৰায় ১০ লাখেহে প্রথম পালি প্ৰতিষেধক লাভ কৰিছে ।
এনে পৰিস্থিতিত অনাগত ২৪ দিনত বাকী থকা প্রায় ১১ লাখ লোকক যে প্ৰতিষেধক দিবলৈ স্বাস্থ্য বিভাগ সক্ষম হ'ব, তাত সন্দেহ আছে । কিয়নো ৩ জানুৱাৰীৰ পৰাই ১৫ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলক প্ৰতিষেধক প্রদানৰ কাম আৰম্ভ হৈছিল । কিন্তু বিগত এটা মাহত এই বয়সৰ প্ৰায় ৫০ শতাংশইহে প্ৰতিষেধক লাভ কৰিবলৈ সক্ষম হৈছে ।