অসম

assam

ETV Bharat / state

পুৰণি দিনৰ মাজত বিলীন হ’ব খুজিলে আহক গুৱাহাটীৰ নষ্টালজিয়ালৈ - Museum in Assam

মহানগৰীৰ ৰূপনগৰত আছে এটা বিশেষ সংগ্ৰহালয়ত । এগৰাকী ব্যক্তিৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ় লৈ উঠা এই সংগ্ৰহালয়ত আছে বহু পুৰণি আপুৰুগীয়া সম্পদ ।

Nostalgia a private museum
private museum in Guwahati

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 8:34 PM IST

নষ্টালজিয়া এগৰাকী বিশেষ ব্যক্তিৰ এক সপোন

গুৱাহাটী, 12 ডিচেম্বৰ:‘নষ্টালজিয়া’ এগৰাকী বিশেষ ব্যক্তিৰ এক সপোন । যি দেখিলে আপুনিও হৈ পৰিব নষ্টালজিক । উভতি যাব আপোনাৰ শৈশৱলৈ । ৰূপনগৰৰ নিবাসী দেৱ কুমাৰ বৰাৰ ব্যক্তিগত প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এটা ব্যক্তিগত সংগ্ৰহালয় । যাৰ নাম দিয়া হৈছে ‘নষ্টালজিয়া’ । সংগ্ৰহালটোত আছে বহুকেইবিধ আপুৰুগীয়া সম্পদ । দেৱ কুমাৰ বৰাই তেওঁৰ বাসগৃহতেই স্থাপন কৰিছে এই বিশেষ সংগ্ৰহালয়টো ।

"নষ্টালজিয়া"ত আছে দুশ বছৰ পুৰণি ঘড়ী আৰু চাবি দিয়া ঘড়ী ৷ এখন ৮০ বছৰ পুৰণি ফেন, যি ফেন সমগ্ৰ ভাৰত বৰ্ষত প্ৰায় ১০ খন মানহে আছে । ইয়াৰোপৰি সংগ্ৰহালয়টোত আছে ১৮১৯ চনৰ কেমেৰাকে ধৰি বহুপুৰণি আপুৰুগীয়া সম্পদ ।

সংগ্ৰহালয়টোৰ স্থাপন সম্পৰ্কে দেৱ কুমাৰ বৰাই কয়, ‘‘বাল্য কালৰ পৰা পুৰণি বস্তু সমূহৰ প্ৰতি মোৰ অতি আকৰ্ষণ আছিল । তেতিয়াৰ পৰা মোৰ এটা সপোন আছিল পুৰণি সামগ্ৰী সমূহৰে কিবা এটা কৰাৰ ৷ সেই সপোনৰ ফলত প্ৰায় তিনি বছৰৰ পূৰ্বে অৰ্থাৎ ২০২১চনত গঢ় লৈ উঠিল ‘নষ্টালজিয়া’ ।

উল্লেখযোগ্য যে এই ‘নষ্টালজিয়া’ৰ শুভ উদ্বোধন কৰিছিল প্ৰয়াত অভিনেতা নিপন গোস্বামীয়ে । এই সংগ্ৰহালয়ত আছে কাঠৰ ফ্ৰীজ, ১৯৭১ চনৰ বাইক, ১২০ বছৰ পুৰণি গ্ৰামোফোন, বৃটিছৰ দিনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ পুৰণি মুদ্ৰা, মাৰ্বল, টেলিফোন, টেলিভিছন, ৪০ বছৰ পুৰণি চাৰ্ফৰ পেকেট, বিভিন্ন ৰাজ্যৰ জুইশালাৰ বাকচ, পুৰণি তলা, আলমাৰী আদিকে ধৰি বহুতো সামগ্ৰী । আমোদজনক কথা যে সকলো সামগ্ৰী এতিয়াও সক্ৰিয় অৱস্থাত আছে ৷
প্ৰায় ২৫ বছৰ ধৰি সংগ্ৰহালয়ত থকা সামগ্ৰী সমূহ সংগ্ৰহ কৰি আহিছে দেৱ কুমাৰ বৰাই । উল্লেখযোগ্য যে এই সংগ্ৰহালয়ত যদি কোনো শিক্ষাৰ্থী বা কোনো লোকে আহিব বিচাৰে তেন্তে তেওঁলোকে দিনৰ ১১ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত আহি দৰ্শন কৰিব পাৰে । সংগ্ৰহালয়টোৰ প্ৰৱেশ সকলোৰে বাবে বিনামূলীয়া ।

লগতে পঢ়ক:লখিমপুৰৰ দুই স্মৃতি বহনকাৰী কাৰ্যালয় সংৰক্ষণৰ দাবী

ABOUT THE AUTHOR

...view details