বহিঃৰাজ্যত আবদ্ধসকলৰ বাবে বিশেষ শ্ৰমিক ৰে'লৰ ব্যৱস্থা ৰে'ল বিভাগৰ - বিশেষ শ্ৰমিক ৰে'ল চলাৰ ব্যৱস্থা
ৰাজ্য চৰকাৰসমূহৰ নিৰ্দেশ অনুসৰি, ৰে'ল বিভাগে বিশেষ শ্ৰমিক ৰে'লৰ ব্যৱস্থা কৰিব । ইতিমধ্যেই দেশৰ কেইবাটাও স্থানত ৰে'লৰ চলাচল আৰম্ভ হৈছে ৷
গুৱাহাটী, 4 মে : আগন্তুক দুইসপ্তাহলৈ দেশত অব্যাহত থাকিব তৃতীয় পৰ্যায়ৰ লক্ ডাউন । এই সময়চোৱাত সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিব ৰে'ল সেৱা । কেৱল মালবাহী ৰে'লসমূহৰ চলাচল অব্যাহত থাকিব । অৱশ্যে ৰাজ্য চৰকাৰসমূহৰ নিৰ্দেশ অনুসৰি, ৰে'ল বিভাগে বিশেষ শ্ৰমিক ৰে'ল চলোৱাৰ ব্যৱস্থা কৰিব । ইতিমধ্যেই দেশৰ কেইবাটাও স্থানত ৰে'লৰ চলাচল আৰম্ভ হৈছে ৷ যত কেৱল বহিঃৰাজ্যত আৱদ্ধ লোকসকলকহে চৰকাৰৰ অনুমতি সাপেক্ষে নিজ নিজ গন্তব্য স্থানলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু এই মূহুৰ্তলৈ এনে কোনো ব্যৱস্থা লোৱা নাই উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কতৃপক্ষই । অসম চৰকাৰৰ নডেল বিষয়া জি পি সিঙৰ নেতৃত্বত গঠিত ছজনীয়া কমিটিয়ে বহিঃৰাজ্যৰ লোকসকলৰ তথ্য সংগ্ৰহ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এই প্ৰক্ৰিয়াৰ পিছতেই শ্ৰমিক ৰে'ল চলাৰ বাবে ৰে'ল বিভাগক নিৰ্দেশ দিব ৰাজ্য চৰকাৰে ।