কামৰূপ,১১জুনঃ বিগত বিত্তীয় বৰ্ষত উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ বিশেষ সাফল্য । ২৩০০ কিলোৱাট সৌৰশক্তি উৎপাদনেৰে মুঠ ১.৮৮ কোটি টকা ৰাহি কৰিছে ৰে'ল বিভাগে । ইতিমধ্যে সম্পূৰ্ণ সৌৰশক্তিচালিত ষ্টেচন হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ প্ৰথমটো গুৱাহাটী ৰে'ল ষ্টেচনে ।
সৌৰশক্তিৰে কোটি টকা ৰাহি কৰিছে ৰে'ল বিভাগে - solar_system
২৩০০ কিলোৱাট সৌৰশক্তি উৎপাদনেৰে মুঠ ১.৮৮ কোটি টকা ৰাহি কৰিছে উত্তৰ পূৱ সীমান্ত ৰে'লৱে বিভাগে
এই জ'নৰ ৪১টা অন্যান্য ষ্টেচনত মুঠ ১১৪০ কিলোৱাট শক্তি ক্ষমতাৰ অফ গ্ৰীড সৌৰ শক্তিৰ প্ৰকল্প স্থাপন কৰাৰ কাম হাতত লোৱা হৈছে বুলি জানিবলৈ দিছে উত্তৰ পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱজ্যোতি শৰ্মাই ।
ইফালে উত্তৰ পূৱ সীমান্ত ৰে'লৱেত ২৯৩৫ কিলোৱাট সৌৰশক্তি স্থাপনৰ এক লক্ষ্য লোৱাৰ কথাও উল্লেখ কৰে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী গৰাকীয়ে । ইয়াৰ ভিতৰত ডিব্ৰুগড় ষ্টেচন, কামাখ্যা ষ্টেচন, নিউ গুৱাহাটীৰ ডিজেল শ্বেড আৰু মেকানিকেল ৱৰ্কশ্বপ বঙাইগাঁৱৰ ১০০০ কিলোৱাট শক্তি সম্পন্ন সৌৰপ্ৰকল্প অন্তৰ্ভুক্ত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে ।