গুৱাহাটী , 13 নৱেম্বৰঃ ভাৰতবৰ্ষৰ ভিতৰত অভিলেখ গঢ়ি উত্তৰ-পূৱলৈ গৌৰৱ কঢ়িয়াই আনিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ প্ৰথমবাৰৰ বাবে গুৱাহাটী ৰে'ল ষ্টেচনত সৌৰ শক্তি উৎপাদনৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰি চলিত বৰ্ষত দেশৰ সৰ্বাধিক সৌৰ শক্তি উৎপাদকৰ সন্মান অৰ্জন কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ দেশৰ ভিতৰত সৰ্বাধিক ৮০০০ কিলোৱাট সৌৰ শক্তি উৎপাদন কৰি উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই চলিত বৰ্ষত ৰাহি কৰিছে 2 কোটি টকা ৷
সৰ্বাধিক সৌৰশক্তি উৎপাদনেৰে অভিলেখ গঢ়িলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই - উত্তৰ-পূৱ সীমান্ত ৰে'লৱে
সৰ্বাধিক সৌৰ শক্তি উৎপাদন কৰি উত্তৰ-পূৱলৈ গৌৰৱ কঢ়িয়ালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই ৷ কামাখ্যা জংছনৰ লগতে আন আন ৰে'ল ষ্টেচনটো কৰা হৈছে সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ পৰিকল্পনা ৷
ৰে'ল মন্ত্ৰালয়ে গ্ৰহণ কৰা সেউজ পৰিৱেশৰ গঢ়াৰ পদক্ষেপক সহাৰি জনাই এই পদক্ষপ গ্ৰহণ কৰিছিল সীমান্ত ৰে'লৱেই ৷ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই সংবাদমাধ্যমৰ আগত জনায় যে , গুৱাহাটী ৰে'ল ষ্টেচনত বৰ্তমান ১০৪৩ কিলোৱাট শক্তিসম্পন্ন অন্য এক সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ কাম চলি আছে ৷ ইয়াৰ উপৰিও কামাখ্যা ৰে'ল জংচনৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ অধীনস্থ অন্য ৰে'ল ষ্টেচনসমূহটো সৌৰ শক্তি উৎপাদন প্ৰকল্পৰ পৰিকল্পনা কৰাৰ কথা জানিবলৈ দিয়ে জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে । উল্লেখযোগ্য যে , 2022 চনৰ আগতে বছৰি 1000 মেগাৱাট ক্ষমতাৰ সৌৰশক্তি উৎপাদনৰ লক্ষ্যৰে আগবাঢ়িছে ভাৰতীয় ৰে'লৱে ৷
লগতে পঢ়কঃ শিক্ষা মন্ত্ৰী চোৰ, শিক্ষা মন্ত্ৰী বিক্ৰী হৈছে : মধ্যাহ্ন ভোজন কৰ্মী
TAGGED:
উত্তৰ-পূৱ সীমান্ত ৰে'লৱে