কামৰূপ,16জানুৱাৰী:ভোগালীৰ উৎসাহ-উদ্দীপনাৰ মাজতে শুকুৰবাৰে নিশা উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । পৰ্যটকৰ বাবে ব্যৱহাৰ হোৱা 'এম ভি অযোধ্যা' নামৰ বিলাসী ফেৰীখনত সংঘটিত হয় এই ঘটনা ৷ কথমপি প্ৰাণ ৰক্ষা পৰে ফেৰীখনৰ দুজনকৈ কৰ্মচাৰীৰ ৷
উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত অগ্মিকাণ্ড - FIRE
উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ 'এম ভি অযোধ্যা' নামৰ বিলাসী ফেৰীখনত সংঘটিত হয় এই অগ্নিকাণ্ড ৷

উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত অগ্মিকাণ্ড
উত্তৰ গুৱাহাটী ৰজাদুৱাৰ ফেৰী ঘাটত অগ্মিকাণ্ড
প্ৰাপ্ত তথ্য অনুসৰি, ৰৈ থকা সময়তে বৈদ্যুতিক বিজুতিৰ বাবে ফেৰীখনত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ফেৰীখনত আছিল মাত্ৰ দুজন কৰ্মচাৰী ৷ এই অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন হয় ফেৰীখনৰ ৷ বহু চেষ্টাৰ অন্তত অৱশষত স্থানীয় লোকৰ সহযোগত নিৰ্বাপিত হয় জুই ৷
অন্য এক খবৰৰ বাবে: কলিয়াবৰৰ মন্দিৰত গড়ৰ আশ্ৰয়