অসম

assam

By

Published : Jun 11, 2021, 1:01 PM IST

ETV Bharat / state

কামৰূপ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ডেৰ কোটি টকাৰ হেৰ’ইন

কামৰূপ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ হেৰ’ইন (Heroin), লগতে আটক দুজন হেৰ’ইন সৰবৰাহকাৰী (Heroin Peddler) ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, জব্দকৃত হেৰ’ইন(Heroin) খিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ।

কামৰূপ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ডেৰ কৌটি টকাৰ হেৰোইন
কামৰূপ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ডেৰ কৌটি টকাৰ হেৰোইন

গুৱাহাটী, 11 জুন :ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ বৃহৎ অভিযান । বৃহস্পতিবাৰে উত্তৰ গুৱাহাটীত কামৰূপ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বৃহৎ পৰিমাণৰ হেৰ’ইন সহ দুজন সৰবৰাহকাৰী (Heroin Peddler)ক ।

প্ৰাপ্ত তথ্য অনুসৰি, গেছ পৰিবাহী বুলেটৰ পৰা কামৰূপ আৰক্ষীয়ে জব্দ কৰে ২৫০ গ্ৰাম হেৰ’ইন(Heroin) । গেছ পৰিবাহী বুলেটত মনিপুৰৰ পৰা ডিমাপুৰ হৈ উত্তৰ গুৱাহাটী বটলিং প্লান্টলৈ আনিছিল বৃহৎ পৰিমানৰ হেৰ’ইন (Heroin)খিনি । জব্দকৃত হেৰ’ইনখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা বুলি অনুমান কৰিছে আৰক্ষীয়ে ।

কামৰূপ আৰক্ষীৰ অভিযানত জব্দ প্ৰায় ডেৰ কৌটি টকাৰ হেৰোইন

ইতিমধ্যে হেৰ’ইন সৰবৰাহত জড়িত দুই ড্ৰাইভাৰ-হেণ্ডিমেন মনিপুৰৰ ইমানুৱেল খাৰচি আৰু কংথকযাম অজয় মেটেইক গ্ৰেপ্তাৰ কৰিছে কামৰূপ আৰক্ষীয়ে । MN 01 AA 1252 নম্বৰৰ গেছ পৰিবাহী বুলেটত সৰবৰাহ কৰিছিল বৃহৎ পৰিমাণৰ হেৰ’ইন(Heroin) খিনি ।

উল্লেখ্য যে, গোপন সূত্ৰৰ পমখেদি কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰয় আৰু উপ আৰক্ষী অধীক্ষক কল্যান পাঠকৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে চলাইছিল এই অভিযান । আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে হেৰোইন সৰবৰাহ কৰা গেছ পৰিবাহী বুলেট খন ।

লগতে পঢ়ক:উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details