অসম

assam

ETV Bharat / state

আমিনগাঁৱত ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্তৰ কাৰ্যালয় মুকলি - বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

আমিনগাঁৱত নৱ-নিৰ্মিত ভৱন মুকলি ৷ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰে ভৱনটি ৷ বুৰঞ্জী সংৰক্ষণৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছে গৃহটোত ৷

north-ghy-amingaon-integreated-dc-office-innaugration-kamrup
আমিনগাঁৱত ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্তৰ কাৰ্যালয় মুকলি

By

Published : Feb 1, 2021, 6:21 PM IST

আমিনগাঁও, 1 ফ্ৰেব্ৰুৱাৰী :আমিনগাঁৱত ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্তৰ কাৰ্যালয় মুকলি । মুখ্যমন্ত্ৰী সৰ্বানন্দ ‌সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ‌মুকলি কৰে সংহত উপায়ুক্ত কাৰ্যলয়টো । মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিকল্পনাত নিৰ্মিত অত্যাধুনিক প্ৰযুক্তিৰ সংহত কাৰ্যালয়টোত থাকিব জিলাখনৰ প্ৰতিটো বিভাগৰ একোটা সুকীয়া কাৰ্যালয় ।

সংহত উপায়ুক্তৰ কাৰ্যালয়ত থাকিব শিক্ষা, স্বাস্থ্য, কৃষি, গ্ৰামোন্নয়ন, পশুপালন, কোষাগাৰ, সমাজ কল্যাণকে‌ ধৰি 13 টা চৰকাৰী কাৰ্যালয় । ভূমি মহলাত ৰাইজৰ বাবে থাকিব ইতিহাস প্ৰসিদ্ধ বুৰঞ্জীৰ সম্ভাৰ বিথিকা শীৰ্ষক মিউজিয়াম । 1 লাখ বৰ্গফুটৰ 5 মহলীয়া সংহত উপায়ুক্ত কাৰ্যালয়টোৰ বাবে ব্যয় হৈছে প্ৰায় 50 কোটি ‌টকা ।

বিদ্যুতৰ সলনি 20 কিল'ৱাট চ'লাৰ‌ পদ্ধতিৰে গ্ৰীণ কৰা হ'ব কাৰ্যলয়টো । কাৰ্যলয়টোৰ‌ প্ৰায় প্ৰতিটো কোঠা হ'ব শীত‌ তাপ নিয়ন্ত্ৰিত । উল্লেখ্য যে, 2009 চনতে গঠন হোৱা কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কাৰ্যলয়টো আজি পৰ্যন্ত এটি অস্থায়ী গৃহৰ পৰা চলাই আছিল কামকাজ । 11 বছৰ পিচত জিলা‌খনে লাভ কৰিব ৰাজ্যৰ ভিতৰতে আটকধুনীয়া এটা কাৰ্যালয় ।

আমিনগাঁৱত ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্তৰ কাৰ্যালয় মুকলি

উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিধায়িকা সুমন হৰিপ্ৰিয়া, নন্দিতা দাস, সত্যব্ৰত কলিতা, কামৰূপ জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন, কামৰূপ জিলাৰ প্ৰাক্তন উপায়ুক্ত সকলৰ লগতে সন্মানীয় বিষয়া কৰ্মচাৰী সকল ।

লগতে পঢ়ক :সাধাৰণ বাজেটত অসমৰ পথ নিৰ্মাণৰ বাবে 34 হাজাৰ কোটি টকাৰ পেকেজ

ABOUT THE AUTHOR

...view details