গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: চৰকাৰী বিদ্যালয়ত ইউনিফৰ্ম প্ৰদানৰ বিষয়ক লৈ গুৰুত্বপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ । শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে, এই কথা সম্পৰ্কে এখন আইন আছে, এই আইনখন মানিবলৈ সকলো বাধ্য । দুই এটা কাৰিকৰী সমস্যা আছে সেই সমস্যাসমূহ দুই এদিনতে সমাধান কৰা হ'ব বুলি উল্লেখ কৰে । গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় পূৰ্বোত্তৰ প্ৰকৃতি সাহিত্য সন্মিলনত অংশলৈ শিক্ষামন্ত্ৰী পেগুৱে এই বিষয়ে মন্তব্য কৰে ৷
তেওঁ লগতে কয় যে, ছাত্ৰ-ছাত্ৰীৰ পোচাকৰ মানদণ্ড আৰু পৰিমাণক লৈ কোনো ধৰণৰ বুজা বুজি কৰা নহ'ব । লগতে পোছাকসমূহৰ বাবে কোনো ধৰণৰ নিবিদাও প্ৰদান কৰা নহ'ব । বিদ্যালয় সমূহক পোছাকৰ বাবে ধন আৱন্টন কৰা হ'ব । কিমান পৰিমাণৰ আৰু কেনেকুৱা মানদণ্ডৰ হ'ব সেয়া শিক্ষা বিভাগে নিৰ্ধাৰণ কৰিব বুলি উল্লেখ কৰে । লগতে সাহিত্য সভাৰ পুঁজি সন্দৰ্ভতো মন্তব্য আগবঢ়াই শিক্ষামন্ত্ৰীগৰাকীয়ে (Fund for school uniform) ।
তেওঁ কয় যে, ভাষা গৌৰৱ আঁচনিৰ অধীনত সকলো সাহিত্য সভালৈ ইতিমধ্যে প্ৰথম কৃষ্টিৰ পুঁজি মোকোলাই দিয়া হৈছে । এই পুঁজি কৰ্পাজ ফাণ্ড হিচাপে ব্যৱহাৰ কৰি তাৰ সুতেৰে বছেৰেকীয়া কাম কাজ সম্পন্ন কৰক সাহিত্য সভাসমূহে । ইতিমধ্যে এনে সুত ব্যৱহাৰ কৰি গাৰো সাহিত্য সভাই গাৰো ভাষাৰ ১৪ খন পুথি প্ৰকাশ কৰি উলিয়াইছে । আন আন সাহিত্য সভাসমূহৰ পৰাও শিক্ষা বিভাগে অতি শীঘ্ৰে প্ৰতিবেদন বিচাৰিছে বুলি উল্লেখ কৰে । দ্বিতীয় কিস্তিৰ ধনো চৰকাৰে অতি সোনকালে মোকোলাই দিব ।