অসম

assam

ETV Bharat / state

পৰ্যটন প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চলত অচিৰেই আৰম্ভ হ'ব জল বিমান সেৱা - ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পৰ্যটন আৰু বাণিজ্যৰ প্ৰসাৰৰ উদ্দেশ্যৰে এক অভিলাষী পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ ৷ আচঁনিৰ অংশ হিচাবে ৰাজ্যখনৰ তিনিটাকৈ পৰ্যটন কেন্দ্ৰত জল বিমানকোঠ তথা জল বিমানসেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত প্ৰাধিকৰণৰ ৷

পৰ্যটন প্ৰসাৰৰ উদ্দেশ্যে উত্তৰ-পূৰ্বাঞ্চলত অচিৰেই আৰম্ভ হ'ব জল বিমান সেৱা

By

Published : Sep 30, 2019, 10:20 PM IST

Updated : Sep 30, 2019, 10:37 PM IST


নিউজ ডেস্ক,30 ছেপ্টেম্বৰঃ অতি শীঘ্ৰেই অসমত আৰম্ভ কৰা হ'ব জল বিমানসেৱা ৷ উত্তৰ-পূবৰ বাণিজ্য, যাতায়ত আৰু পৰ্যটন উদ্যোগক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যৰে অসমৰ তিনিটাকৈ পৰ্যটন কেন্দ্ৰত পোনপ্ৰথমবাৰৰ বাবে অচিৰেই জল বিমানকোঠ আৰু জল বিমান সেৱাৰ শুভাৰম্ভণি ঘটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে ৷ ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে,"সমগ্ৰ দেশতে অধ্যয়ন চলোৱাৰ অন্তত অসমৰ তিনিটাকৈ পৰ্যটন কেন্দ্ৰত জল বিমান পৰিবহণৰ বাবে বিমানকোঠ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পৰ্যটন আৰু যাতায়ত প্ৰসাৰৰ লক্ষ্যৰে অসমৰ তিনিটাকৈ নদীকেন্দ্ৰিক অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে জল বিমান সেৱা আৰম্ভ কৰা হ'ব ৷" তেওঁ লগতে কয় যে পৰৱৰ্তী বৰ্ষৰ শেষৰফালে বা 2021 চনৰ প্ৰথমাৰ্ধলৈ অসমৰ ব্ৰহ্মপুত্ৰ নদী আৰু উমৰাংচু প্ৰকল্পত জল বিমানসেৱা আৰম্ভ কৰা হ'ব ৷ এই জল বিমানসেৱাৰ বাবে ৰাজ্যখনৰ গুৱাহাটী, ডিমা-হাছাও জিলাৰ উমৰাংছু আৰু বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক নিৰ্বাচন কৰা হৈছে ৷"

তেওঁ লগতে কয় যে, এই জল বিমান প্ৰকল্পৰ বাবদ চৰকাৰে ব্যয় কৰিবলগীয়া ধাৰ্য পুঁজিৰ পৰিমাণ হৈছে 50 কোটি টকা ৷ আনহাতে সেৱা আৰম্ভ কৰাৰ আগতে কিছু সৰু-সুৰা দিশ পৰ্যবেক্ষণ কৰাৰ কথাও ব্যক্ত কৰে বিষয়াগৰাকীয়ে ৷

উল্লেখযোগ্য যে, প্ৰস্তাৱিত জল বিমান প্ৰকল্পসমূহ কেন্দ্ৰীয় চৰকাৰৰ উৰাণ অৰ্থাৎ "উৰে দেচ কি আম নাগৰিক" আঁচনিৰ অধীনত নিৰ্মিত হ'ব ৷ জানিবলগীয়া যে 'উৰাণ' হৈছে আঞ্চলিক বিমান যোগাযোগৰ বাবে চৰকাৰে প্ৰণয়ন কৰা এক নতুন আঁচনি ৷ যাৰ মুখ্য উদ্দেশ্য হৈছে দেশৰ সৰ্বসাধাৰণ জনতাক বহনক্ষমভাৱে আৰু সুদূৰপ্ৰসাৰী ৰূপত বিমান যাত্ৰাৰ সেৱা প্ৰদান কৰা আৰু লগতে সামূহিকভাৱে ঘৰুৱা অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰি তোলা ৷ উল্লেখ্য যে, 2017 চনৰ ডিচেম্বৰত ভাৰতত পোনপ্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহমেদাবাদত জল জাহাজত ভ্ৰমণ কৰিছিল ৷ ইফালে আহমেদাবাদ আৰু মুম্বাইৰ মাজত এয়াৰলাইনচ প্ৰতিষ্ঠান স্পাইচজেটে ইতিমধ্যেই বিমানসেৱা চলাই থকাৰ কথা এগৰাকী জ্যেষ্ঠ বিমানবন্দৰ প্ৰাধিকৰণ বিষয়াই সদৰী কৰে ৷ ইফালে কেন্দ্ৰীয় চৰকাৰে পূৰ্বতে দেশৰ 6/7 টা স্থানত জল বিমানকোঠ আৰু জল বিমানসেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ চৰকাৰে থিৰাং কৰা উক্ত স্থানকেইটা হৈছে ক্ৰমে- গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদী, উমৰাংচু প্ৰকল্প, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অন্ধ্ৰপ্ৰদেশ-তেলেংগানাত অৱস্থিত নাগাৰ্জুনা সাগৰ, গুজৰাটৰ সৱৰমতী নদী, সতৰুঞ্জয় বান্ধ আৰু ষ্টেটচু অৱ ইউনিটি অৱস্থিত চৰ্ডাৰ সৰোবৰ বান্ধ ৷


বিশিষ্ট পৰ্যটন বিশেষজ্ঞ তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া সুভাষ দাসে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই কয় যে, এই ধৰণৰ বিমানসেৱাক পৰিচালনা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু বিমানবন্দৰ প্ৰাধিকৰণৰ নেতৃত্বত পৰিচালনা হ'ব নে কোনো সংস্থাক ইয়াৰ দায়িত্ব দিয়া হ'ব সেই কথা সুনিশ্চিত কৰা প্ৰযোজন বুলি উল্লেখ কৰে ৷ তেওঁ লগতে বাণিজ্যিক গোষ্ঠী আৰু ৰাজহুৱা খণ্ডৰ সংস্থাসমূহক এই নৱ পৰিবহণ ব্যৱস্থাৰ অংশীদাৰীত্ব প্ৰদানৰো পৰামৰ্শ আগবঢ়াই ৷

তাৎপৰ্যপূৰ্ণ যে, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণে 3500 কোটি টকা ব্যয়সাপেক্ষে উত্তৰ-পূবৰ বিমানবন্দৰসমূহৰ সংযোজন আৰু উন্নীতকৰণৰ কাম হাতত লৈছে ৷ তাৰেই অংশ হিচাবে 13 টাকৈ বিমানবন্দৰৰ কাম-কাজ ইতিমধ্যে অব্যাহত আছে ৷ সৰ্বভাৰতীয় সংস্থাটোৱে গুৱাহাটী বিমানবন্দৰৰ বাবে 1250 কোটি টকা আৱণ্টন দিয়াৰ বিপৰীতে ইম্ফল বিমানবন্দৰৰ বাবে 650 কোটি, আগৰতলাৰ বাবে 500 কোটি, অৰুণাচল প্ৰদেশৰ হলংগী বিমানবন্দৰৰ বাবে 650 কোটি আৰু মিজোৰামৰ লেংপুই বিমানবন্দৰৰ লগতে ৰাজ্যখনৰ অন্যান্য বন্দৰৰসমূহৰ বাবে 450 কোটি টকাৰ অনুমোদন দিছে ৷

পৰ্যটন খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিমানবন্দৰ প্ৰাধিকৰণৰ আঞ্চলিক কাৰ্যবাহী সঞ্চালকজনে বিমান পৰিবহণৰ মাধ্যমেৰে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ক্ৰমে চীন, হংকঙ, থাইলেণ্ড, ম্যানমাৰ আৰু বাংলাদেশৰ লগত যোগোযোগ স্থাপনৰ প্ৰচুৰ সম্ভাৱনাৰ কথা দোহাৰে ৷ তেওঁ লগতে বিমান পৰিবহণ উদ্যোগক সমগ্ৰ বিশ্বতেই সৰ্বাধিক দ্ৰুতভাৱে বিকশিত উদ্যোগ বুলি অভিহিত কৰে আৰু এইক্ষেত্ৰখনত ভাৰতে তৃতীয় বৃহৎ বিমান পৰিবহণ উদ্যোগ হিচাবে স্বীকৃতি পোৱাৰ কথাটো প্ৰসংগক্ৰমে উল্লেখ কৰে ৷

আনহাতে গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পাছত ক্ৰমে আগৰতলা আৰু ইম্ফল বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উন্নীতকৰণ কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে ৷

Last Updated : Sep 30, 2019, 10:37 PM IST

ABOUT THE AUTHOR

...view details