অসম

assam

ETV Bharat / state

স্বচ্ছতাৰ ক্ষেত্ৰত অধিক কঠোৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱে - ৰেলৱে

সাৱধান! ৰেল ষ্টেচনৰ যতে ততে থু খেকাৰ নেপেলাব। কিয়নো স্বচ্ছতাৰ ক্ষেত্ৰত অধিক কঠোৰ হৈছে উত্তৰ-পূৱ সীমান্ত ৰেলৱে

স্বচ্ছতাৰ ক্ষেত্ৰত অধিক কঠোৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱে

By

Published : Aug 9, 2019, 8:59 AM IST

গুৱাহাটী, 8 জুলাই : ৰেলৱে পৰিসৰৰ ভিতৰত যতে ততে থু খেকাৰ, জাৱৰ-জোথৰ পেলোৱা লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে ৰেল বিভাগে। ইতিমধ্যেই ১৮১৮ জন ব্যক্তিক বিৰুদ্ধে ৰেল বিভাগে লৈছে শাস্তিমূলক ব্যৱস্থা। লগতে এই দোষী ব্যক্তিৰ পৰা ৩,৬৫,৮৯৫ টকা জৰিমনা সংগ্ৰহ কৰিছে বিভাগটোৱে । ইফালে ৰেলৱে আইন-১৯৮৯ ৰ অধীনত ৰেল ষ্টেচন, ৰেল আদি লেতেৰা কৰা ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিয়ে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰনৱজ্যোতি শৰ্মাই। তাৰোপৰি ৰেলৰ ডবা, ৰেল ষ্টেচনসমূহ পৰিস্কাৰ-পৰিচন্নতাৰ ওপৰত লক্ষ্য ৰাখি ১৩টাতকৈও অধিক ষ্টেচনত চিচি টিভি কেমেৰা সংস্থাপন কৰা হৈছে বুলিও জানিবলৈ দিয়ে শৰ্মাই।

স্বচ্ছতাৰ ক্ষেত্ৰত অধিক কঠোৰ উত্তৰ-পূৱ সীমান্ত ৰেলৱে

ABOUT THE AUTHOR

...view details