গুৱাহাটী, ৪ জুন: বিশ্বৰ ইছলাম ধৰ্মী লোকসকলৰ পবিত্ৰ হজ সমাপনৰ বাবে ছৌদি আৰৱৰ মক্কালৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা হজযাত্ৰা ইতিমধ্যেই আৰম্ভ হৈছে বিগত ২১ মে'ৰ পৰা । ইফালে কেন্দ্ৰীয় হজ কমিটীৰ নিৰ্দেশনা অনুসৰি দেওবাৰৰ পৰা অসমকে ধৰি উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ হজযাত্ৰা আৰম্ভ হৈছে (North East first Hajj pilgrim group to leave for Makkah) ।
এইবেলি অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা ৬,৩০২ জন হজযাত্ৰী পবিত্ৰ হজ সমাপন কৰাৰ বাবে মক্কালৈ যাব । ইয়াৰে ৪,২৮১ জন পুৰুষ আৰু ২,০২১ জনী মহিলা । তেনেদৰে অসমৰ পৰা যাবলগীয়া মুঠ হজযাত্ৰীৰ সংখ্যা হ’ল ৬,১৮৯ জন । আজি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা উত্তৰ পূৱৰ হজযাত্ৰীৰ ২৪৫ জনীয়া প্ৰথমটো দল ইণ্ডিগ' বিমানৰে দুপৰীয়া আৰু বিয়লি দুখন বিশেষ বিমানৰে নতুন দিল্লী আৰু মুম্বাই হৈ মক্কা অভিমুখে ৰাওনা হৈছে (Hajj pilgrim in Guwahati) ।
ইয়াৰ ভিতৰত দুপৰীয়া ১২.৫০ বজাত নতুন দিল্লী হৈ মক্কালৈ যাত্ৰা কৰা বিমানখনত ১৭৫ জন হজযাত্ৰী ৰাওনা হৈছে । বিয়লি ৪.৩০ বজাত মুম্বাই হৈ মক্কালৈ যাত্ৰা কৰা কৰা বিমানখনত ৭০ জন হজযাত্ৰী ৰাওনা হৈছে । মাজনিশা এক বজাৰ পাছত আৰু কাইলৈ পুৱাৰ ভাগত হজযাত্ৰীৰ দুয়োটা দল গৈ মক্কাৰ সমীপৰ জেদ্দা আন্তৰ্জাতিক বিমানবন্দৰত গৈ উপস্থিত হ'ব ।
দুপৰীয়া যাত্ৰা কৰা প্ৰথমখন বিমানত ৰাজ্যিক হজ কমিটীৰ অধ্যক্ষ আৰু উত্তৰ পূব হজ অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামান আৰু বিজেপিৰ সংখ্যালঘু কোষৰ সভাপতি চৈয়দ মমিনুল আৱলো পৱিত্ৰ হজ সমাপনৰ বাবে মক্কা অভিমুখে ৰাওনা হৈছে বুলি জানিবপৰা গৈছে । আনহাতে পুৱা ১০ বজাত বৰঝাৰ বিমানবন্দৰত স্থাপন কৰা হজযাত্ৰী অভ্যৰ্থনা কক্ষৰ সন্মুখত পতাকা জোকাৰি হজযাত্ৰীৰ দলটোক বিদায় জনোৱা হয় ।