গুৱাহাটী, 14 এপ্ৰিল :গৰুবিহুৰ দিনাই দেশৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন এইমছ ৷ এইমছ উদ্বোধন কৰি অনুষ্ঠানত নিজৰ ভাষণ প্ৰসংগত প্ৰথমেই অসমবাসীক ব’হাগ বিহুৰ শুভকামনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ লগতে ব’হাগ বিহুৰ পৱিত্ৰ ক্ষণত এইমছখন ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰি স্বাস্থ্যখণ্ডত যোৱা ৯ বছৰীয়া কাৰ্যকালত বিজেপি চৰকাৰে আগবঢ়োৱা অৰিহণাৰ কথাও উল্লেখ কৰে তেওঁ (AIIMS Guwahati inauguration) ৷
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, এইখন উত্তৰ-পূৱৰ প্ৰথমখন এইমছ (North East first AIIMS) ৷ এইখন এইমছৰ দ্বাৰা উত্তৰ-পূৱে লাভ কৰিব উচ্চমানৰ চিকিৎসা সেৱা ৷ মণিপুৰ, অসম, অৰুণাচল, মেঘালয়, নগালেণ্ড, মিজোৰাম আৰু চিকিমৰ জনসাধাৰণে লাভ কৰিব উন্নত চিকিৎসা সেৱা ৷ এইমছ গুৱাহাটী উদ্বোধন কৰি নিজৰ ভাষণত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, ২০১৪ ৰ পৰা যোৱা ৯ বছৰত বিজেপি চৰকাৰে দেশৰ স্বাস্থ্য সেৱাই যাতে একেবাৰে শেষৰখন দুৱাৰকো স্পৰ্শ কৰিব পাৰে তাৰ বাবে কাম কৰি আহিছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে যে, ২০১৪ ৰ পৰা বৰ্তমানলৈ ৯ বছৰত ৩০০ খন মেডিকেল কলেজ দেশত স্থাপন কৰা হৈছে । দেশত যোৱা ৯ বছৰত মেডিকেল আসনৰ সংখ্যা ১,০০,০০০ লৈ বৃদ্ধি পাইছে ৷ দেশৰ মেডিকেল কলেজ সমূহত স্নাতকোত্তৰ আসনৰ সংখ্যা ১১০ গুণ বৃদ্ধি পাইছে ৷