অসম

assam

ETV Bharat / state

1 নবেম্বৰৰ পৰা 21 সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা - উত্তৰ পূৱ গ্ৰন্থ মেলা

1 নবেম্বৰৰ পৰা 12 নৱেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব 21 সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলা । এই গ্ৰন্থ মেলাত এইবাৰ ২২৫ খন বিপণীয়ে অংশ ল'ব । য'ত ৰাজ্যৰ বাহিৰৰ ৫৫ খন গ্ৰন্থ বিপণী থাকিব ।

21 সংখ্যক উত্তৰ পূৱ গ্ৰন্থ মেলা

By

Published : Oct 23, 2019, 8:53 PM IST

Updated : Oct 24, 2019, 12:58 PM IST

গুৱাহাটী, 23 অক্টোবৰ: সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাৰ উদ্যোগত 1 নবেম্বৰৰ পৰা 12 নবেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হব 21 সংখ্যক উত্তৰ পূৱ গ্ৰন্থমেলা । এই গ্ৰন্থ মেলাত এইবাৰ ২২৫ খন বিপণীয়ে অংশ ল'ব । য'ত ৰাজ্যৰ বাহিৰৰ ৫৫ খন গ্ৰন্থ বিপণী থাকিব । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলৰ জৰিয়তে এই কথা অৱগত কৰে উদ্যোক্তা সকলে। এইবাৰৰ এই গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰিব উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডুৱে। বুধবাৰৰ এই সংবাদমেলতে পূৰ্বৰ পৰম্পৰা অক্ষুন্ন ৰাখি গ্ৰন্থ বিপণী সমূহ লটাৰীৰ যোগে স্থান নিৰ্ণয় কৰে উদ্যোক্তাসকলে । গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি বিভিন্ন সাহিত্য বিষয়ক অনুষ্ঠানো অনুষ্ঠিত হ'ব । গ্ৰন্থমেলাৰ প্ৰত্যেক দিনতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত হ'ব বিভিন্ন সাংস্কৃতিক অনুষ্ঠানো । লগতে এইবাৰ অনুষ্ঠিত হ'ব বয়োজেষ্ঠ ৰাজনীতিবিদৰ এক আলোচনাচক্ৰ । খ্যাতি সম্পন্ন পৰিচালিকা ৰীমা দাস আৰু জুবিন গাৰ্গৰ লগত অন্তৰংগ আলাপ হ'ব গ্ৰন্থমেলাৰ অন্যতম আকৰ্ষণ। ইয়াৰ উপৰিও বিভিন্ন ঠাইৰ বয়োজেষ্ঠ প্ৰকাশক আৰু গ্ৰন্থ বিক্ৰেতাক সম্বৰ্ধনা জনাব উদ্যোক্তা সকলে ।

21 সংখ্যক উত্তৰ পূৱ গ্ৰন্থ মেলা
Last Updated : Oct 24, 2019, 12:58 PM IST

ABOUT THE AUTHOR

...view details