অসম

assam

By

Published : Aug 28, 2020, 2:12 PM IST

ETV Bharat / state

আদালতৰ কাম-কাজ নিয়মীয়া কৰিবলৈ ১ ছেপ্টেম্বৰৰ সময়সীমা ধাৰ্য উত্তৰ-পূৰ্বাঞ্চল বাৰ কাউন্সিলৰ

আদালতৰ কাম-কাজ নিয়মীয়া কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনায়ো সুদোত্তৰ পোৱা নাই অধিবক্তাসকলে। প্ৰতিবাদী কাৰ্যসূচীয়েও সলনি কৰিব পৰা নাই সিদ্ধান্ত। উপায়হীন হৈ আদালতৰ কাম-কাজ নিয়মীয়াকৰণৰ বাবে ১ ছেপ্টেম্বৰৰ সময়সীমা বান্ধি দিলে বাৰ কাউন্সিলে।

North East bar council declares deadline to open courts
আদালতৰ কাম-কাজ নিয়মীয়া কৰিবলৈ ১ ছেপ্টেম্বৰৰ সময়সীমা ধাৰ্য উত্তৰ-পূৰ্বাঞ্চল বাৰ কাউন্সিলৰ

গুৱাহাটী,২৮আগষ্টঃআদালতৰ কাম-কাজ নিয়মীয়া কৰিবলৈ চৰকাৰক আহ্বান জনাই সুফল নোপোৱাত ১ ছেপ্টেম্বৰৰ সময়সীমা বান্ধি দিলে উত্তৰ-পূৰ্বাঞ্চল বাৰ কাউন্সিলে। ২৫ আগষ্টত অনুষ্ঠিত হৈ যোৱা বাৰ কাউন্সিলৰ এখন বৈঠকৰ পিছতে বাৰ কাউন্সিলে গুৱাহাটী উচ্চ ন্যায়ালয়ক নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়ে। বিগত কেইবামাহো ধৰি ক'ৰোণা মহামাৰীয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে অৰ্থনৈতিক মন্দাৱস্থাই কোঙা কৰি পেলাইছে অধিবক্তাসকলক। লকডাউনৰ প্ৰভাৱত ব্যাহত হৈছে আইনী সেৱা। শেহতীয়াকৈ ৫ ছেপ্টেম্বৰলৈকে ভাৰ্চুৱেল ব্যৱস্থাৰ দ্বাৰা আদালতৰ কাম-কাজ চলি থাকিব বুলি ৫জন ন্যায়াধীশৰ নেতৃত্বত গঠিত এখন কমিটীয়ে অধিসূচনা জাৰি কৰিছে। এই সিদ্ধান্তক লৈ অসন্তুষ্ট হৈ পৰিছে অধিবক্তাসকল।

লগতে পঢ়ক-এয়াৰটেলৰ উপভোক্তাসকলৰ বাবে দুঃখবৰ

উল্লেখ্য যে,আদালতৰ কাম-কাজ নিয়মীয়াকৰণ বৰ্তমান পৰিস্থিতি সম্ভৱপৰ হয় নে নহয়, সেয়া নিশ্চিত কৰাৰ বাবে ৫জন ন্যায়াধীশৰ নেতৃত্বত এখন কমিটী গঠন কৰা হৈছিল। যোৱা ২১আগষ্টত এই কমিটীখনে ৫ ছেপ্টেম্বৰলৈকে ভাৰ্চুৱেল ব্যৱস্থাৰ দ্বাৰা আদালতৰ কাম-কাজ চলি থাকিব বুলি অধিসূচনা জাৰি কৰে। ইয়াৰ পিছতে উত্তৰ-পূৰ্বাঞ্চল বাৰ কাউন্সিলে জৰুৰী বৈঠক অনুষ্ঠিত কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ক নিৰ্দিষ্ট সময়সীমা বান্ধি দিয়ে। ১ ছেপ্টেম্বৰৰ পৰা আদালতৰ কাম-কাজ নিয়মীয়া কৰাৰ দাবীৰে ন্যায়াধীশ সমিতিলৈ পত্ৰ প্ৰেৰণ কৰে। যোৱা ১৩ আগষ্টতো উত্তৰ-পূৱৰ ৪খন ৰাজ্য ক্ৰমে অসম, নাগালেণ্ড, মিজোৰাম, অৰুণাচল প্ৰদেশত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বাৰ কাউন্সিলে।

লগতে পঢ়ক-২০২১ত কাৰ দখললৈ যাব পশ্চিম গুৱাহাটী সমষ্টি ?

ABOUT THE AUTHOR

...view details