ডিমা হাছাও,২১ এপ্ৰিল: শাসকীয় দল বিজেপিত যোগদানৰ গতি এতিয়াও স্থৱিৰ হোৱা নাই । বৰ্তমানো বিৰোধী কংগ্ৰেছৰ পৰা বিজেপিলৈ সোঁত বৈয়েই আছে (Congress members joined in BJP) । এইবাৰ বিৰোধী শূন্য হোৱাৰ দিশে আগবাঢ়িছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদ (North Cachar Hills Autonomous Council towards opposition free। কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ একমাত্ৰ কংগ্ৰেছ নেতা ডেনিয়েল লাংথাচাৰ বিজেপি গমনৰ প্ৰসংগই লাভ কৰিছে বিশেষ চৰ্চা ।
কংগ্ৰেছ নেতা ডেনিয়েল লাংথাচাই বিজেপি দলত যোগদানৰ সন্দৰ্ভত যদিও এতিয়ালৈকে মুখ খোলা নাই যদিও বিজেপিত যোগদানৰ বিষয়টো অস্বীকাৰো কৰা নাই । বিজেপিৰ সূত্ৰৰ পৰা জানিব পৰা মতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই অহা সপ্তাহত বিজেপি দলত যোগদানৰ সম্ভাৱনা আছে । কংগ্ৰেছ নেতা গৰাকীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।