গুৱাহাটী, ২৪ ফেব্ৰুৱাৰী :অৱশেষত আৰক্ষীৰ জালত পৰিল টিংকু দাস ৷ গুৱাহাটীৰ নুনমাটি কেবিন চ’কৰ ৰে’ল পথত মঙলবাৰে নিশা ৰে’ল বিভাগৰ এগৰাকী অভিযন্তা কিশোৰ কলিতাক ঘপিয়াই ধন-ম’বাইল লুট কৰা ঘটনাৰ মূল অভিযুক্ত আছিল টিংকু ৷ কেৱল অভিযন্তাগৰাকীয়ে নহয়, সেই একে স্থানৰ পৰা আন এগৰাকী যুৱতীৰ ম’বাইল কাঢ়ি নিছিল টিংকুৱে (Noonmati robbery case) ৷
এক গোপন সূত্ৰৰ পম খেদি বৃহস্পতিবাৰে মহানগৰীৰ নুনমাটি আৰক্ষীয়ে নিউ গুৱাহাটী ৰে’ল আৰক্ষীৰ সহযোগত চলাই এক অভিযান ৷ এই অভিযানতে বৃহস্পতিবাৰে দিনৰ ভাগত নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপৰ জুপুৰি বস্তিৰ পৰা টিংকু দাস(২৪)ক আটক কৰে নুনমাটি আৰক্ষীয়ে । আটকাধীন টিংকু দাসৰ পৰা আৰক্ষীয়ে এটা চুৰি আই ফোন আৰু এটা এন্দ্ৰইড ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় ।
জব্দকৃত ম’বাইল দুটা অভিযন্তা কিশোৰ কলিতা আৰু কিশোৰক আক্ৰমণ কৰা স্থানৰ পৰা চুৰি কৰা যুৱতীগৰাকীৰ বুলি চিনাক্ত কৰা হৈছে ৷