অসম

assam

ETV Bharat / state

নুনমাটিত বিচাৰৰ নামত এজনক মৰিয়াই মৰিয়াই হত্যা - guwahati murder

গুৱাহাটীৰ নুনমাটিত সংঘটিত হৈছে এক জঘন্য় ঘটনা । বিচাৰ কৰাৰ নামত অঞ্চলটোৰ মুখীয়াই লাঠিৰে কোবাই কোবাই এজন যুৱকক নৃশংস ভাৱে হত্যা কৰাৰ অভিযোগ ।

noonmati-murder
নুনমাটিত বিচাৰৰ নামত এজনক মৰিয়াই মৰিয়াই হত্যা

By

Published : Jan 19, 2021, 6:09 PM IST

গুৱাহাটী, 19 জানুৱাৰী :গুৱাহাটীৰ নুনমাটিত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা । বিচাৰ কৰাৰ নামত অঞ্চলটোৰ মুখীয়াই লাঠিৰে কোবাই কোবাই এজন যুৱকক নৃশংস ভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত পূৱ ত্ৰিনয়নপুৰত।

নুনমাটিত বিচাৰৰ নামত এজনক মৰিয়াই মৰিয়াই হত্যা

উল্লেখ যে, পূৱ ত্ৰিনয়নপুৰৰ বাসিন্দা ৰাজু দাসে (৩৫) দিন হাজিৰা কৰি চাৰিজনীয়া পৰিয়ালটোক পোহ পাল দি আহিছিল। যোৱা 6 জানুৱাৰীত ৰাজু দাসৰ পত্নীয়ে ঘৰৰ ওচৰত অনুষ্ঠিত হোৱা ভোজ ভাতৰ এক অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰিছিল । ইয়াকে লৈ নিশাৰ ভাগত ৰাজু দাস আৰু পত্নী অনিমা দাসৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। ইয়াতে উত্তেজিত হৈ স্বামী-স্ত্ৰীয়ে পৰস্পৰে পৰস্পৰক প্ৰহাৰ কৰে। নিশাই পত্নীয়ে ঘৰৰ পৰা ওলাই গৈ পূৱ ত্ৰিনয়নপুৰ উন্নয়ন সমিতিৰ সভাপতি মুন শৰ্মা আৰু সম্পাদক উৎপল দত্তক সাক্ষাৎ কৰি স্বামীৰ বিৰূদ্ধে বিচাৰ দিয়ে ।

সেইদিনা নিশাই ডেৰ বজাত সভাপতি মুন শৰ্মা আৰু সম্পাদক উৎপল দত্তৰ নেতৃত্বত ১২ জনীয়া এটা দলে ৰাজু দাসৰ ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি শুই থকা ৰাজু দাসক লাঠিৰে উপৰ্যুপৰী প্ৰহাৰ কৰে। প্ৰহাৰ সহ্য কৰিব নোৱাৰি বিছনাৰ তলত লুকাই যদিও দলটোৱে বিচনাৰ তলৰ পৰা চোঁচৰাই আনি ঘাই পথলৈ লৈ যায় লোকজনক। ঘাই পথত আক্ৰমণকাৰী দলটোৱে লাঠিৰে ৰাজু দাসক উপৰ্যুপৰি প্ৰহাৰ কৰি হাওঁফাওঁ আৰু বৃক্কত আঘাত কৰে । পুৱতি নিশা চাৰি বজাত নুনমাটি আৰক্ষীয়ে অতি মুমুৰ্ষ অৱস্থাত ৰাজু দাসক উদ্ধাৰ কৰি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংকটজনক অৱস্থাত ভৰ্তি কৰায়। ইয়াৰ মাজতে আক্ৰমণকাৰী দলটোৱে আৰক্ষীক মেনেজ কৰি ঘটনাৰ গাপ দিয়াৰ চেষ্টা কৰাৰো অভিযোগ উত্থাপন হৈছে । বিগত ১৩ দিন ধৰি চিকিৎসাধীন অৱস্থাত মৃত্যুৰ সৈতে যুঁজি ৰাজু দাসে সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।

ইফালে মৃত্যুৰ পিছতে হত্যাকাৰী দলটোৱে ৰাজু দাসৰ মৃতদেহটো গাড়ীত উঠাই জি এম চি এইছৰ পৰা গোপনে লৈ যোৱাৰ চেষ্টা চলাইছিল। ঠিক সেই সময়তে স্থানীয় ৰাইজ সেই স্থানত উপস্থিত হৈ মৃতদেহটো দুৰ্বৃত্তৰ কৱলৰ পৰা উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে । ইয়াৰ পাছতে আৰক্ষীয়ে মঙলবাৰে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালৰ লোকক গতাই দিয়ে ।

ইপিনে হত্যাৰ অভিযুক্ত মুন শৰ্মা আৰু উৎপল দত্ত সহ ১২ জনীয়া আক্ৰমণকাৰী দলটোৱে পৰিয়াল সহ পলায়ন কৰিছে । আৰক্ষীয়ে পলাতক হত্যাকাৰী কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ তীব্র অভিযান চলাই আছে যদিও আৰক্ষীয়ে অভিযুক্তৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ 302 নং ধাৰাৰ অধীনত থানাত 54/21 নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: মধ্য প্ৰদেশত ৰেচন কাৰ্ডৰ নামত বিয়াগোম দুৰ্নীতি

ABOUT THE AUTHOR

...view details