অসম

assam

ETV Bharat / state

Non teaching staff association protest : সোমবাৰে ৰাজ্যৰ ৩৩ খন মহাবিদ্যালয়ত কৰ্ম বিৰিত পালন কৰিব কৰ্মচাৰীয়ে - Non teaching staff association Protest

প্ৰাদেশিকীকৰণৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈছে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকৃত ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী । দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত তলাবন্ধ কাৰ্যসূচীৰ পৰিৱৰ্তে ক’লা বেজ পৰিধান কৰি কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সদৰী কৰে অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি অংকুৰ কুমাৰ দাসে ৷

Non-teaching staff association observe work break instead of college closure
তলা বন্ধ পৰিৱৰ্তে কৰ্ম বিৰতিহে পালন কৰিব অনা-শিক্ষক কৰ্মচাৰী সন্থাই

By

Published : Aug 7, 2022, 4:51 PM IST

গুৱাহাটী, ৭ আগষ্ট: অসম স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীয়ে সোমবাৰে ৰাজ্যৰ ৩৩ খন মহাবিদ্যালয়ত তলাবন্ধ কাৰ্যসূচীৰ ঘোষণা কৰিছিল (Non teaching staff association Protest) । কিন্তু দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত তলাবন্ধ কাৰ্যসূচীৰ পৰিৱৰ্তে ক’লা বেজ পৰিধান কৰি কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি সদৰী কৰে অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি অংকুৰ কুমাৰ দাসে ৷

উল্লেখ্য যে, প্ৰাদেশিকীকৰণৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈছে ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকৃত ৩৩ খন মহাবিদ্যালয়ৰ কৰ্মচাৰী । গৰম বন্ধ খোলাৰ দিনাই ৩৩ খন মহাবিদ্যালয়ত অহা ৮ আগষ্ট, ২০২২ তাৰিখে তলাবন্ধ কাৰ্যসূচীৰ পৰিৱৰ্তে ক’লা বেজ পৰিধান কৰি কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিব অনা-শিক্ষক কৰ্মচাৰী সন্থাই ।

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত অনা-শিক্ষক কৰ্মচাৰী সন্থাৰ সভাপতি অংকুৰ কুমাৰ দাসে উল্লেখ কৰা মতে, সদ্যঘোষিত ৩৩ খন স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীসকলে বিভাগীয়ভাৱে অনা শিক্ষকসকলৰ প্ৰাদেশিকৰণ আইনক সংশোধনী কৰি fixed pay ৰ পৰিৱৰ্তে চৰকাৰী সমমৰ্যদা তথা সমহাৰত দৰমহা প্ৰদানকে ধৰি সকলো চৰকাৰী সুবিধা প্ৰদানৰ বাবে আবেদন জনাই আহিছে ৷

তলা বন্ধ পৰিৱৰ্তে কৰ্ম বিৰতিহে পালন কৰিব অনা-শিক্ষক কৰ্মচাৰী সন্থাই

চৰকাৰে মহাবিদ্যালয়ৰ শিক্ষকসকলক শিক্ষক আৰু অনা শিক্ষক ৰূপে ভাগ কৰি শিক্ষকসকলক যোগ্যতা অনুসৰি দৰমহা দিছে আৰু অনা শিক্ষকসকলক যোগ্যতা থকাৰ পিছতো চৰকাৰী দৰমহাৰ পৰা বঞ্চিত কৰিছে । এনে বৈষ্যমৰ প্ৰতিবাদ কৰিবলৈ সন্থাই সোমবাৰে প্ৰথমবাৰৰ ৩৩ খন মহাবিদ্যালয়ত তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছিল যদিও আছু, এবছু আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বুদ্ধিজীৱী তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ আহ্বান মৰ্মে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক পৰিৱেশ বিনষ্ট নকৰাৰ উদ্দেশ্য উক্ত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে ।

লগতে পঢ়ক:Protest By Students in Majuli: মাজুলীত শিক্ষা বিভাগৰ বিৰুদ্ধে অভিভাৱক-শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details