গুৱাহাটী, ১৮ নৱেম্বৰ: ৰাজ্যৰ বিভিন্ন সংবাদ প্রতিষ্ঠানত কৰ্মৰত অসাংবাদিক সংবাদকর্মীসকলে লাভ কৰি অহা চিকিৎসা সেৱা সম্বন্ধীয় বিভিন্ন সমস্যা লৈ মহানগৰীৰ বামুণীমৈদামস্থিত কৰ্মচাৰী ৰাজ্য বীমা নিগম চমুকৈ ESICৰ (Employees State Insurance Corporation) কাৰ্যালয়ত উপস্থিত হয় সদৌ অসম সংবাদকর্মী সন্থাৰ এটা প্ৰতিনিধি দল (All Assam Journalists Association) । প্ৰতিনিধি দলটোৱে ESIৰ আঞ্চলিক সঞ্চালকক সাক্ষাৎ কৰি তেওঁলোকৰ কেতবোৰ সমস্যা সন্দৰ্ভত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ।
সন্থাই স্মাৰক-পত্ৰখনত উল্লেখ কৰা দাবী অনুসৰি, ই এছ আই চিত অন্তৰ্ভুক্ত হোৱাৰ বাবে দৰমহাৰ উদ্ধসীমা ৫০,০০০ হাজাৰ লৈকে বৃদ্ধি কৰা, চিকিৎসালয়সমূহত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ সংখ্যা অনতিপলমে বৃদ্ধি কৰা, সংকটাপন্ন ৰোগীক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা অধিক উন্নত কৰা আৰু ৰোগীক উন্নত চিকিৎসাৰ বাবে 'ৰেফাৰ'কৰাৰ ক্ষেত্ৰত চিকিৎসকে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰাৰ ব্যৱস্থা কৰা ৷
লগতে পঢ়ক:National Press Day 2022: 90 বছৰ বয়সতো সংবাদ সেৱা আগবঢ়োৱা ৰাজেন বৰকাকতিৰ কথাৰে...