গুৱাহাটী, ৩ ছেপ্তেম্বৰ : অসম চুক্তিৰ ষষ্ঠ অনুসূচীৰ ৰূপায়নৰ আইনী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগতেই অসমৰ বাহিৰৰ পৰা আহি ইয়াত বাস কৰা লোক সকল আজি শংকিত । অসম চুক্তিৰ এই অনুসূচী আইনৰ দ্বাৰা ৰূপায়িত হ'লে অসমৰ মাটিত কেইটামান বিশেষ কলাকাৰ হেৰুৱাব বহিৰাগতই ।
- তেওঁলোক খিলঞ্জীয়া নোহোৱা বাবে অসমৰ ভিতৰত কতো ভূ-সম্পত্তি ক্ৰয় কৰিব নোৱাৰিব ।
- তেওঁলোকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কোনো চাকৰিৰ বাবেও আবেদন কৰিব নোৱাৰিব ।
ৰাজ্য চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ মতে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনত এই অসম চুক্তিৰ ষষ্ঠ অনুসূচী কেন্দ্ৰিক আইন প্ৰণিত হোৱাটো প্ৰায় নিশ্চিত বুলি জনাৰ পিছত ভূ-সম্পত্তি আৰু অন্যান্য স্বাৱৰ সা-সম্পত্তি বন্দোৱস্ত কৰাৰ পৰা বিৰত আছে বগিৰাগত নাগৰিক । এই কথাই স্বাভাৱিকতে প্ৰভাৱিত কৰিছে ৰাজ্যৰ ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াক ।
লগতে পঢ়ক :ৰাজ্যত অব্যাহত আছে বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া ব্যৱসায়
উল্লেখযোগ্য যে, যোৱা আগষ্টত সামৰণি পৰা বিধানসভাৰ অধিবেশনৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ষষ্ঠ অনুসূচী সন্দৰ্ভত গঠিত পৰামৰ্শ সমিতিৰ প্ৰতিবেদনৰ আধাৰত আইন প্ৰণয়ন হ'ব আৰু সেয়া পৰৱৰ্তী অধিবেশনতে সম্ভৱ হৈ উঠিব । মনকৰিবলগীয়া যে অসম চুক্তিৰ ষষ্ঠ অনুসূচীত অতি স্পষ্টভাৱে উল্লেখ কৰা হৈছে অসমৰ মাটিত অসমীয়াৰ সাংবিধানিক সুৰক্ষাৰ কথা ।
কোৱা হৈছে- "Constitutional, legislative, and administrative safeguards, as may be appropriate, shall be provided to protect, preserve and promote the cultural, social, linguistic identity and heritage of the Assamese people" অৰ্থাৎ, এই চুক্তিয়ে 'অসমীয়া'ৰ সাংবিধানিক সুৰক্ষাৰ কথালৈ আঙুলিয়াই দি অসমীয়া বুলি সেই সকল লোকলৈ আঙুলিয়াই দিছে যি সকল লোক ১৯৫১ চনৰ 1 জানুৱাৰী বা তাৰ আগৰে পৰাই অসমত বসতি কৰিছে ।
লগতে পঢ়ক :কিহৰ বাবে হত্যাৰ বলি হ’ল ডিম্পল কুমাৱত ?