গুৱাহাটী, 7 ডিচেম্বৰ:4 বছৰত ভৰি দিলে বে-চৰকাৰী সংস্থা সাহসীয়ে ৷ চাৰি বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সংস্থাটোৱে সমাজৰ ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা লোকসকলক 2020 বৰ্ষৰ সাহসী বঁটা প্ৰদানেৰে উৎসাহিত কৰে ৷
দেওবাৰে অসম সাহিত্য সভা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে সংস্থাটোৱে বিশেষকৈ সংবাদ মাধ্যমত সেৱা আগবঢ়াই অহা সংবাদকৰ্মী সকলক এই বিশেষ সন্মানেৰে সন্মানিত কৰে ৷ সমাজৰ ভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা ভিন্ন ক্ষেত্ৰৰ মুঠ 25 গৰাকী ব্যক্তিক সাহসীয়ে শৰাই, মানপ্ৰত্ৰ, জাপি, ট্ৰফীসহ 2020 বৰ্ষৰ সাহসী বঁটা প্ৰদান কৰে ৷