গুৱাহাটী, ২৬ অক্টোবৰ : আৰম্ভ হৈছে অসম সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া (Asam Sahitya Sabha Election)। বুধবাৰ আৰু বৃহস্পতিবাৰে দুদিন হ’ব মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া । সভাপতি পদকে ধৰি অন্যান্য সকলো পদৰ বাবে বহুকেইজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।
বুধবাৰে অসম সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত ৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ (Nomination for Sahitya Sabha election)। সভাপতি পদৰ বাবে চাৰিগৰাকী প্ৰাৰ্থী ক্ৰমে য়েছে দৰজে ঠংচি(Yeshe Dorjee Thongchi), ড৹ নাহেন্দ্ৰ পাদুন, ড৹ জগদীশ পাটগিৰি, ড৹ সূৰ্য হাজৰিকাই মনোনয়ন পত্ৰ দাখিল কৰে ।
আনহাতে উপ-সভাপতি পদত গোবিন্দ তালুকদাৰ আৰু বসন্ত কুমাৰ শৰ্মাই মনোনয়ন পত্ৰ দাখিল কৰে । প্ৰধান সম্পাদক পদত অনুপ বৰঠাকুৰ, উপেন্দ্ৰজিৎ শৰ্মা আৰু চহিৰ ভূঞাই মনোনয়ন পত্ৰ দাখিল কৰে ।
অসম সাহিত্য সভাৰ নিৰ্বাচনত সভাপতি পদৰ বাবে নাম চৰ্চাত থকা সাহিত্যিক য়েছে দৰজে ঠংচিয়ে মনোনয়ন পত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত কয় ‘‘মনোনয়ন পত্ৰ দাখিল কৰি স্বস্তি অনুভৱ কৰিছো । কাৰণ অসমৰ শুভাকাংখী ৰাইজে বহু দিনৰ পৰা বিচাৰি আছিলে সাহিত্য সভাৰ প্ৰাৰ্থী হ’বলৈ । আজি অসমবাসীৰ মনৰ আশা পূৰণ কৰিলোঁ । মনোনয়ন পত্ৰ দাখিল কৰি মোৰ দায়িত্ব সামৰিলো’’ (Yeshe Dorjee Thongchi speech)।
৯ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ সভাপতি পদত তেওঁ নিৰ্বাচিত হ’লে সাহিত্য সভাৰ বিতৰ্কৰ অৱসান আৰু সাহিত্য সভাক কিদৰে গতিশীল কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নত তেওঁ কয় যে কি কি কাৰণত বিতৰ্ক হৈ আছে সেয়া চাব লাগিব (Asam Sahitya Sabha controversy)। সৰু সৰু কাৰণত বিতৰ্ক নকৰি যিগৰাকী সভাপতি নিৰ্বাচিত হ’ব তেওঁক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় । সাহিত্য সভাক কিদৰে গতিশীল কৰিব পাৰি তাক পৰীক্ষা কৰি কামত আগবাঢ়িব লাগিব বুলিও মন্তব্য কৰে য়েছে দৰজে ঠংচিয়ে ।
আনহাতে সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰি ড৹ নাহেন্দ্ৰ পাদুনে কয় যে সাহিত্য সভাত হৈ থকা বিতৰ্কসমূহৰ সমাধান কৰিবৰ বাবে সকলোৱে এক হ'ব লাগিব, কাৰ্যনিৰ্বাহকৰ সকলো সদস্যই সভাপতিক সহযোগ কৰিব লাগিব । ইপিনে সভাপতি পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰি ড৹ জগদীশ পাটগীৰিয়ে কয় ‘‘মই আশাবাদী, নিশ্চয় জয় হ’ম । এই জয় হ’ব পৰিৱৰ্তনৰ । অসম সাহিত্য সভাক পুণৰ নিৰ্মাণ কৰাৰ জয়ী হ’ব’’ ।
উল্লেখ্য যে, 20-22 অক্টোবৰত যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে মুঠ ১৮ জন প্ৰাৰ্থীয়ে । তিনিটা পদৰ বাবে হ'ব এই নিৰ্বাচন । সভাপতি, প্ৰধান সম্পাদক, উপ-সভাপতি পদৰ বাবে অনুষ্ঠিত হ'ব এই নিৰ্বাচন । প্ৰাৰ্থীয়ে ২৬ আৰু ২৭ অক্টোবৰত ভিতৰত দাখিল কৰিব লাগিব মনোনয়ন । ২৮ অক্টোবৰত প্ৰত্যাহাৰ কৰিব পৰিব মনোনয়ন পত্ৰ । ৩ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ চলিব ভোটদান প্ৰক্ৰিয়া । ১২ অক্টোবৰৰ পৰা বলবৎ হৈছে নিৰ্বাচনী বিধি ।
লগতে পঢ়ক :Miya museum Jihadi link : জেহাদীৰে যোগসূত্ৰ মিঞা মিউজিয়ামৰ !