গুৱাহাটী, ৬ মে': কৰ'ণা বিভীষিকা, লক ডাউন, অৰ্থনৈতিক সংকট এই সকলোবিলাকৰ মাজেৰে চলি আছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কোচকাৱাজ । অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে গঠন হ'বলগীয়া বিশেষ সমিতিখনত চূড়ান্ত অনুমোদন জনাব ভাৰতবৰ্ষৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে । সেই সমিতিত থাকিব লাগিব অসমৰ সকলো ৰাজনৈতিক দলৰ পাঁচজনকৈ সাংসদ আৰু পাঁচজনকৈ বিধায়ক । সেই অনুসৰি বুধবাৰে বিধানসভা সচিবালয়ে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰে পাঁচজনীয়া বিধায়কৰ তালিকা ।
সমষ্টি পুনৰ নিৰ্ধাৰণ কমিটিৰ বাবে নাম প্ৰেৰণ পাঁচ বিধায়কৰ - লক ডাউন
অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে গঠন হ'বলগীয়া বিশেষ সমিতিখনত চূড়ান্ত অনুমোদন জনাব ভাৰতবৰ্ষৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে । সমিতিত থাকিব অসমৰ সকলো ৰাজনৈতিক দলৰ পাঁচজনকৈ সাংসদ আৰু পাঁচজনকৈ বিধায়ক ।

সমষ্টি পুণৰনিৰ্ধাৰণ কমিটিৰ বাবে নাম প্ৰেৰণ পাঁচ বিধায়কৰ
এই তালিকাত অন্তৰ্ভুক্ত হোৱা বিধায়ক পাঁচগৰাকী হ'ল বিজেপিৰ মৃণাল শইকীয়া, কংগ্ৰেছৰ কমলাক্ষ্য দেৱ পুৰকায়স্থ, অগপৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বি পি এফৰ ৰবিৰাম নাৰ্জাৰী আৰু এ আই ইউ ডি এফৰ হাফিজ বছিৰ আহমেদ কাছিমী । একেদৰে লোকসভা সচিবালয়েও অসমৰ পাঁচগৰাকী সাংসদৰ নাম সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগলৈ প্ৰেৰণ কৰিব লাগিব ।