গুৱাহাটী,২০ মে':পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষৰ আসনত অধিষ্ঠিত হ’ব বোকাজান বিধানসভা সমষ্টিৰ বিজেপিৰ বিধায়ক ডাঃ নোমল মমিন । ইতিমধ্যে এই কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰঞ্জিৎ দাসে । বিজেপিৰ ৰাজ্যিক সমিতিয়ে ডাঃ মমিনক উপাধ্যক্ষ পদৰ বাবে বাচনি কৰিছে ।
বিধানসভাৰ অধ্যক্ষ পদৰ বাবে সদ্যবিজেপি বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে আজি মনোনয়ন দাখিল কৰিলেও সংসদীয় বিধি অনুসৰি উপাধ্যক্ষ কোন হ’ব সেয়া আনুষ্ঠানিকভাৱে ঘোষণা কৰিব পাৰে বিধানসভাৰ অধ্যক্ষইহে । কাইলৈৰ পৰা অনুষ্ঠিত হ’ব পঞ্চদশ বিধানসভাৰ প্ৰথম অধিবেশন ।