অসম

assam

ETV Bharat / state

No vaccine no salary: মুখ্য সচিবৰ নিৰ্দেশ - কৰ’ণা ভাইৰাছ

এতিয়াৰে পৰা প্ৰথম শাৰীৰ ক'ভিড যোদ্ধা হিচাপে কাম কৰা চৰকাৰী চাকৰিয়ালে ক’ভিড ভেকচিন নল’লে নাপাব দৰমহা ৷ মুখ্য সচিব জিষ্ণু বৰুৱাই বুধবাৰে জাৰি কৰিছে এই নিৰ্দেশনা ।

'No vaccination, no salary' for govt employees in Assam
No vaccine no salary: মুখ্য সচিবৰ নিৰ্দেশ

By

Published : Jun 23, 2021, 10:46 PM IST

Updated : Jun 24, 2021, 8:18 AM IST

গুৱাহাটী, ২৩ জুন : যিসকল চৰকাৰী চাকৰিয়াল হোৱাৰ লগতে প্ৰথম শাৰীৰ ক'ভিড যোদ্ধা হিচাপে কাম কৰি আহিছে তেওঁলোকৰ দৰমহা মোকলাই দিয়াৰ ক্ষেত্ৰত এক নতুন নিৰ্দেশনা জাৰি কৰা হৈছে । মুখ্য সচিব জিষ্ণু বৰুৱাই বুধবাৰে জাৰি কৰিছে এই নিৰ্দেশ । সেই অনুসৰি প্ৰতিটো বিভাগৰ কৰ্তৃত্বশীল বিষয়াক নিৰ্দেশ দিয়া হৈছে যাতে এইসকল বিষয়া-কৰ্মচাৰীৰ চলিত মাহৰ দৰমহা মোকলাই দিয়াৰ পূৰ্বে তেওঁলোকে যে ক'ভিডৰ দুয়োপালি প্ৰতিষেধক লৈছে সেই কথা নিশ্চিত কৰা হয় ।

No vaccine no salary: মুখ্য সচিবৰ নিৰ্দেশ

গতিকে এই মাহৰ দৰমহা লাভ কৰিবলৈ হ'লে এইসকল চৰকাৰী কৰ্মচাৰীয়ে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট বিভাগীয় মুৰব্বীক দাখিল কৰিব লাগিব । অন্যথা তেওঁলোকে লাভ নকৰিব দৰমহা । উল্লেখ্য যে, ৰাজ্যত কৰ’ণাৰ সংহাৰৰ সমান্তৰালভাৱে অব্যাহত আছে কৰ’ণাৰ প্ৰতিষেধক প্ৰদান অভিযানো ৷

তদুপৰি সোমবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিনামূলীয়া mega vaccination drive । দৈনিক তিনি লাখ লোকক ক'ভিড ভেকচিন প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ইয়াৰ বাবে কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে দুই হাজাৰ টীম নিয়োগ কৰা হৈছে ৷

লগতে পঢ়ক: শাসনৰ প্ৰথম মাহৰ পৰাই মিথ্যাচাৰৰ আশ্ৰয় লৈছে চৰকাৰে: গৌৰৱ গগৈ

Last Updated : Jun 24, 2021, 8:18 AM IST

ABOUT THE AUTHOR

...view details