গুৱাহাটী, ২৬ মাৰ্চ: এফালে নিৰ্বাচন আনফালে বিত্তীয় বৰ্ষ শেষ হ'বলৈ মাজত মাত্ৰ চাৰি দিন । সেই চাৰি দিনৰ ভিতৰত তিনি দিনেই হৈছে বন্ধৰ দিন । গতিকে বিত্তীয় বৰ্ষ শেষ হোৱাৰ প্ৰাক মুহূৰ্তত বাৰুকৈয়ে বিমোৰত পৰিছে ৰাজ্যৰ বিত্ত বিভাগ । গতিকে পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিত্ত বিভাগে জাৰি কৰিছে এক জৰুৰী নিৰ্দেশ ।
ইতিমধ্যে ডব্লিউ টি মেছেজযোগে সকলো জিলাৰ উপায়ুক্ত আৰু মহকুমাধিপতিলৈ এই জৰুৰী নিৰ্দেশ দিছপুৰৰ পৰা প্ৰেৰণ কৰা হৈছে । সেই নিৰ্দেশ অনুসৰি, অহা ৩১ মাৰ্চ পৰ্যন্ত প্ৰতিদিনেই খোলা থাকিব ৰাজ্যৰ কোষাগাৰসমূহ । অবিৰতভাৱে চলিব কোষাগাৰৰ কাম-কাজ । যিহেতু চলিত বিত্তীয় বৰ্ষ অৰ্থাৎ ৩১ মাৰ্চৰ পূৰ্বে সকলো চৰকাৰী বিত্তীয় লেনদেন সম্পূৰ্ণ কৰিব লাগিব ।