অসম

assam

ETV Bharat / state

বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠঃ উমানন্দলৈ বন্ধ ফেৰী সেৱা - brahmaputra

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলতেই 'এছ বি ৰঙানদী' আৰু 'এছ বি বগানদী' নামৰ দুখন ফেৰীৰ চলাচল বন্ধ কৰি দিয়া হৈছে ৷ দুয়োখন ফেৰীয়ে আধা ঘণ্টাৰ ব্যৱধানত প্ৰায় 250 গৰাকী যাত্ৰী কঢ়িয়াই আনিছিল যদিও ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ফেৰী চলাচলত অসুবিধা সৃষ্টি হৈছে

উমানন্দত বন্ধ হ'ল ফেৰী সেৱা

By

Published : Jun 30, 2019, 5:20 PM IST

Updated : Jun 30, 2019, 5:25 PM IST

গুৱাহাটী, 30 জুন: বন্ধ কৰি দিয়া হৈছে উমানন্দ ঘাটৰ পৰা উমানন্দলৈ যোৱা ফেৰী সেৱা ৷ বহ্মপুত্ৰৰ বাঢ়নি পানীৰ বাবেই বহ্মপুত্ৰৰ বুকুত যাত্ৰীৰ সুবিধাৰ্থে চলা এছ বি ৰঙানদী আৰু এছ বি বগানদী বন্ধ কৰি দিয়া হৈছে ৷ দুয়োখন ফেৰীয়ে আধা ঘণ্টাৰ অন্তৰত প্ৰায় 250 জন যাত্ৰী কঢ়িয়াই আনিছিল যদিও ব্ৰহ্মপুত্ৰৰ পানী বঢ়াৰ ফলত ফেৰী চলাচলত অসুবিধা দেখা যায়, যাৰ বাবে বিপদ সংকুল পৰিস্থিতিৰ বাবে দর্শনাৰ্থী সকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে বুলি মন্তব্য কৰে ফেৰী ঘাটৰ দায়িত্বত থকা বিভাগীয় কৰ্মচাৰী জিতু হাজৰিকাই ৷

উমানন্দত বন্ধ হ'ল ফেৰী সেৱা

আনহাতে, হঠাত ফেৰী সেৱা বন্ধ কৰি দিয়া ফলত দূৰদূৰণিৰ পৰা অহা দৰ্শনাৰ্থী সকল উমানন্দ নোচোৱাকৈ বিমুখ হৈ উভতি যাব লগা হৈছে ৷

Last Updated : Jun 30, 2019, 5:25 PM IST

ABOUT THE AUTHOR

...view details