গুৱাহাটী, ২২ জুলাই: এতিয়াৰে পৰা আৰু কোনো বিদ্যালয়ৰ প্ৰাদেশিকীকৰণ কৰা নহয়(No schools are provincialised in Assam) । এই সন্দৰ্ভত শিক্ষা বিভাগে গ্ৰহণ কৰিলে গুৰুত্বপূৰ্ণ সিদ্ধান্ত । উল্লেখ্য যে প্ৰাদেশিকীকৰণ আইনৰ আওতাৰ পৰা ৰৈ যোৱা বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ বাবে দাবী উত্থাপন হৈ অহাৰ বিপৰীতে শিক্ষা বিভাগে পুনৰ বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখ্য যে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ অনুষ্ঠিত হোৱা ভিডিঅ’ কনফাৰেঞ্চত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় (Education Minister video conference) । বৈঠকতে চৰকাৰে বৰ্তমানৰ পৰা বিদ্যালয় প্ৰাদেশিকীকৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এই সন্দৰ্ভত ইতিপূৰ্বে জাৰি কৰা অধিসূচনা ৩১ জুলাইৰ ভিতৰত কঠোৰভাৱে ৰূপায়ণ কৰাৰ সিদ্ধান্ত লোৱা হয় । কার্যতঃ ইয়াৰ জৰিয়তে নতুনকৈ কোনো বিদ্যালয় প্ৰাদেশিকীকৰণ তালিকাত অন্তৰ্ভুক্ত কৰা নহ'ব বুলি বিভাগে বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰে ।
মন কৰিবলগীয়া যে ১৭ জুলাইত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শিক্ষা বিভাগৰ এক পর্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল (Review meeting of education department chaired by Himanta Biswa Sarma) । সেই বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তক লৈয়েই শিক্ষামন্ত্ৰীগৰাকীয়ে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু বিদ্যালয় পৰিদৰ্শকসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ অনুষ্ঠিত কৰিছিল । বৈঠকত বিদ্যালয় একত্ৰীকৰণৰ বিষয়টোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে বিষয়াসকলক বিদ্যালয় একত্ৰীকৰণৰ সকলো প্ৰস্তাৱ সঞ্চালকক দাখিল কৰাৰ নিৰ্দেশ দিয়াৰ লগতে বিদ্যালয় একত্ৰীকৰণক লৈ উত্থাপিত হ’ব পৰা অভিযোগ-সমস্যা আদি সন্দৰ্ভতো সঞ্চালকক দায়িত্ব ল’বলৈ নিৰ্দেশ দিয়ে ।