গুৱাহাটী, 17 আগষ্ট: আগন্তুক লোকসভা নিৰ্বাচনকলৈ বিজেপি আৰু বিজেপিৰ বিৰোধী দলসমূহে ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে ৷ শেহতীয়াকৈ দিল্লীত আপ আৰু কংগ্ৰেছৰ মাজত অনুষ্ঠিত হৈ যোৱা বৈঠকক লৈ বিভিন্ন বিতৰ্ক তথা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে ৷ আসন ভাগ বতোৰাৱাক লৈ দুয়ো দলৰ মাজত মনোমালিন্য হোৱাৰ চৰ্চা চলি আছে ।
লক্ষণীয় যে বিৰোধীৰ ঐক্য I.N.D.I.A গোটত কংগ্ৰেছ আৰু আপ আছে । আপ-কংগ্ৰেছৰ সম্পৰ্কত ফাঁট মেলা বুলি ব্যাপক চৰ্চা লাভ কৰি আছে । কেজৰিৱালে I.N.D.I.A গোটৰ তৃতীয় বৈঠক বৰ্জন কৰিব বুলি ব্যাপক চৰ্চা লাভ কৰি আছে । দিল্লীৰ লোকসভাৰ আসন ভাগ-বতৰাক লৈ কংগ্ৰেছৰ স্থিতিত আপ সন্তুষ্ট নহয় বুলি চৰ্চা চলি আছে ৷
মুম্বাইত হ’ব লগা I.N.D.I.A গোটৰ বৈঠক আপে বৰ্জন কৰিব বুলি চৰ্চা চলি থকাৰ সময়তে অসমৰ আপৰ ৰাজ্যিক সমম্বয়ক ভৱেন চৌধুৰীয়ে কয়স, ‘‘ইতিমধ্যে দিল্লীত শেহতীয়া আপ আৰু কংগ্ৰেছৰ বৈঠকত আসনক লৈ যি বিতৰ্ক হোৱা বুলি প্ৰচাৰ চলিছে সেয়া বৃহস্পতিবাৰে পুৱা দিল্লীৰ কংগ্ৰেছৰ তত্বাবধায়কৰ দায়িত্বত থকা দীপক বাবাৰিয়াই স্পষ্ট কৰি দিছে । আচলতে তেনেধৰণৰ আসনকলৈ কোনো আলোচনা হোৱা নাই ।’’
তেওঁ আৰু কয় যে বৈঠকত অংশগ্ৰহণ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অলকা লাম্বাই কৈছিল,‘‘দিল্লী যাৰ, দেশ তাৰ ৷’’ কৰ্মকৰ্তাসকলক এই বাৰ্তা প্ৰেৰণ কৰিবলৈ দলৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে ৷ এতিয়ালৈকে শীৰ্ষ নেতৃত্বই 18খন ৰাজ্যৰ দলীয় বিষয়াৰ সৈতে বৈঠকত মিলিত হৈছে ৷ ইয়াৰ সাতখন আসনতে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সকলোকে সাজু হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।