গুৱাহাটী,12 ডিচেম্বৰ : বিগত সোতৰ বছৰে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বৰ বি পি এফকে শাসনভাৰ গটাই অহা বিটিচি বাসীয়ে এইবাৰৰ নিৰ্বাচনৰ জড়িয়তে মতদান কৰিছে অন্য ধৰণে। এই প্ৰতিবেদন যুগুত কৰাৰ সময়লৈ ভোট গণনাৰ যি ফলাফল পোহৰলৈ আহিছে সেয়াই স্পষ্ট কৰিছে বিটিআৰত এক ওলোমা পৰিষদৰ আশংকা । এইবাৰ যে শাসকীয় বিপিএফকে মুখ্য কৰি কোনো এটা দলেই সংখ্যা গৰিষ্ঠতা নাপাব সেই কথা এই মূহুৰ্তত স্পষ্ট ।
তিনিটা প্ৰধান ৰাজনৈতিক দল ক্ৰমে বিপিএফ, বিজেপি আৰু ইউপিপিএলৰ তিনিকোণীয়া তীব্ৰ প্ৰতিযোগিতাই আকৰ্ষণীয় কৰি তুলিছে বিটিটিৰ নিৰ্বাচনী ৰাজনীতিৰ সমীকৰণ । শনিবাৰে পুৱাৰে পৰা চলা ভোট গণনাৰ পিচত যি ফলাফল পোহৰলৈ আহিছে সেয়াই প্ৰমাণ কৰিছে যে এইবাৰ বিটিচি বাসীয়ে লাভ কৰিব এখন ওলোমা পৰিষদ । নিৰ্বাচনটোৰ এই মূহুৰ্তলৈ প্ৰকাশিত ফলাফল আৰু জয়-পৰাজয়ৰ ধাৰাই এই কথা আঙুলিয়াই দিছে ।
আমাৰ হাতত পৰা তথ্য অনুসৰি এই মূহুৰ্তত বিপিএফ দলে 16 খন আসনত বিজয় সাব্যস্ত কৰাৰ লগতে এখন আসনত আগবাঢ়ি আছে । একেদৰে ইউপিপিএল দলে 12 খন আসনত বিজয় সাব্যস্ত কৰিছে । বিজেপি দলে আঠখন আসনত জয় লাভ কৰাৰ বিপৰীতে এখন আসনত আগবাঢ়ি আছে । এই মূহুৰ্তত অহা তথা অনুসৰি কচুগাঁও সমষ্টিত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকীৰ হাতত 365 টা ভোটত পৰাস্ত হৈছে । অৱশ্যে হাগ্ৰামা মহিলাৰীয়ে দেৱৰগাঁও সমষ্টিত জয় লাভ কৰিছে ।