গুৱাহাটী,14 জুন: লক ডাউনৰ বাবে দেশত বন্ধ হৈ আছে নিয়মীয়া ৰে’ল সেৱা । বিপৰীতে ৰে’ল মন্ত্ৰালয়ৰ নিৰ্দেশমৰ্মে মালবাহী ৰে’ল, শ্ৰমিক ৰে’ল আৰু দুশখন বিশেষ ৰে'লৰ আৰম্ভ হৈছে সেৱা ৷ সেই অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱে অব্যাহত ৰাখিছে বিশেষ ৰে’লৰ চলাচল । বৰ্তমানলৈ দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ প্ৰায় ডেৰ লাখ শ্ৰমিক এই বিশেষ ৰে’লেৰে আহিছে উত্তৰ-পূৱলৈ ৷
স্থানীয় যাত্ৰীবাহী ৰে’ল চলোৱাৰ কোনো সিদ্ধান্ত লোৱা নাই : নৃপেন ভট্টাচাৰ্য - PRO North Eastern frontier railway
পৰিস্থিতি সুস্থিৰ হ’লেহে স্বাভাৱিক হ’ব ৰে’ল সেৱা ৷ অৱশ্যে এয়া নিৰ্ভৰ কৰিব চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ ওপৰতহে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷
বিগত 12 মে’ৰ পৰা দেশত চলোৱা 15খনকৈ বিশেষ ৰে’লে ভিন্ন স্থানত আৱদ্ধ লোকসকলক গন্তব্যস্থানলৈ প্ৰেৰণ কৰাত আগবঢ়াইছে সহযোগ ৷ তদুপৰি 1জুনৰ পৰা দুশখন বিশেষ যাত্ৰীবাহী ৰে’ল চলোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰে’ল বিভাগে । এই বিশেষ ৰে’লৰ বাহিৰে কোনো স্থানীয় যাত্ৰীবাহী ৰে’ল অথবা দুৰণিবটীয়া ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে । পৰিস্থিতি সুস্থিৰ হ’লেহে স্বাভাৱিক হ’ব ৰে’ল সেৱা ৷ অৱশ্যে এয়া নিৰ্ভৰ কৰিব চৰকাৰৰ পৰৱৰ্তী ঘোষণাৰ ওপৰতহে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ৷