অসম

assam

By

Published : Jan 11, 2021, 9:07 PM IST

ETV Bharat / state

বাৰ্ড-ফ্লুক লৈ ৰাজ্যবাসী আতংকিত হোৱাৰ প্ৰয়োজন নাইঃ অসম পশুধন নিগম

নিগমে জনোৱা মতে,ৰাজ্যত বহিঃৰাজ্যৰ পৰা অহা হাঁহ-কুকুৰাৰ মঙহৰ ক্ষেত্ৰতহে নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ থলুৱাভাৱে উৎপাদন হোৱা হাঁহ-কুকুৰাৰ ক্ষেত্ৰত তেনে কোনো বাধা-নিষেধ নাই ৷

no-need-to-worry-for-bird-flu-poultry-corporation-of-assam
http://10.10.50.80:6060///finalout3/odisha-nle/finalout/11-January-2021/10205175_chicken.mp4

গুৱাহাটী,11 জানুৱাৰী: বাৰ্ড ফ্লুক লৈ আতংকিত দেশৰ সৰ্বসাধাৰণ জনতা ৷ বাৰ্ড ফ্লুৰ আতংকৰ বাবে ইতিমধ্যে বৰ্হিৰাজ্যৰ পৰা হাঁহ-কুকুৰা আমদানিত নিষেধাজ্ঞা জাৰি কৰিছে অসম চৰকাৰে ৷ যাৰ বাবে শংকিত হৈ পৰিছে ৰাজ্যৰ খুচৰা বিক্ৰেতাসকল ৷ লগতে বজাৰত চাহিদা কমিছে হাঁহ-কুকুৰাৰ মঙহৰ । কিন্তু এই সময়তে এটা ভাল খবৰ প্ৰদান কৰিলে হাঁহ-কুকুৰা আৰু পশুধন নিগমে ৷ নিগমে জনোৱা মতে,ৰাজ্যত বহিঃৰাজ্যৰ পৰা অহা হাঁহ-কুকুৰাৰ মঙহৰ ক্ষেত্ৰতহে নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷ থলুৱাভাৱে উৎপাদন হোৱা হাঁহ-কুকুৰাৰ ক্ষেত্ৰত তেনে কোনো বাধা-নিষেধ নাই ৷

বাৰ্ড-ফ্লোক লৈ ৰাজ্যবাসী আতংকিত হোৱাৰ প্ৰয়োজন নাইঃ অসম পশুধন নিগম

উল্লেখ্য যে,থলুৱা হাঁহ-কুকৰাৰ মাংসক লৈ কোনো শংকিত হোৱাৰ প্ৰয়োজন নাই বুলি জনাইছে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ৷ অৱশ্যে যিকোনো মঙহ খোৱাৰ আগতে যথেষ্ট পৰিমাণে সিজাই ল'লে যিকোনো বেমাৰৰ পৰাই হাত সাৰিব পাৰি বুলি জনালে পশুধন নিগমৰ অধ্যক্ষ গৰাকীয়ে ৷ সমান্তৰালভাৱে বাৰ্ডফ্লুৰ গইনালৈয়ে মূল্য বৃদ্ধি কৰা ব্যৱসায়ীসকলৰ ক্ষেত্ৰত গ্ৰাহকসকল সচেতন হোৱাৰ দৰকাৰ বুলি মন্তব্য কৰিছে নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই ৷

লগতে পঢ়কঃঅখিল গগৈৰ গোচৰ সন্দৰ্ভত ন্যায়ালয়ৰ ৰায় বিসংগতিপূৰ্ণ: ভাস্ক' ডি শইকীয়া

ABOUT THE AUTHOR

...view details