গুৱাহাটী,13 জুলাই:কামৰূপ মহানগৰ জিলাক কৰ'ণামুক্ত কৰাৰ বাবে বিশেষভাৱে কঠোৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ জিলাখনত গণসংক্ৰমণে যাতে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত মঙলবাৰে জিলাখনৰ বজাৰ সমিতিসমূহৰ বিষয়ববীয়াৰে এখন জৰুৰী সভা অনুষ্ঠিত হয় ৷ সভাত মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বজাৰ সমিতিৰ সভাপতি আৰু সম্পাদকসকলক প্ৰতিখন দোকানৰ সন্মুখত ‘‘ন' মাস্ক, ন' চেলচ’’ ( No mask no sales)শীৰ্ষক বেনাৰ লগোৱাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ৷ উপায়ুক্তগৰাকীয়ে কয় যে, দোকানৰ প্ৰতিজন কৰ্মচাৰীয়ে মাস্ক পিন্ধা আৰু দোকানৰ সন্মুখত ছেনিটাইজাৰ বা চাবোনেৰে হাত ধোৱাৰ ব্যৱস্থা ৰখাটো বাধ্যতামূলক ৷
অন্যথা প্ৰশাসনৰ টাস্ক ফ’ৰ্চে(Task Force) দোকানসমূহ পৰিদৰ্শন কৰি লাইচেন্স বাতিল কৰি দিব বুলি মন্তব্য কৰিছে জিলা উপায়ুক্ত গৰাকীয়ে ৷ আনহাতে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো অলিয়ে গলিয়ে থকা প্ৰতিখন দোকানৰ সন্মুখৰ ফুটপাথত অস্থায়ী দোকান বহুৱাটো বন্ধ কৰাৰ ব্যৱস্থা কৰিবলৈ বজাৰ সমিতিসমূহক অনুৰোধ জনায় ৷ এই নীতি নামানিলে দোকানৰ বয়-বস্তু জব্দ কৰা হ'ব বুলি উল্লেখ কৰে দেৱাশীষ শৰ্মাই ৷ লগতে যেতিয়ালৈকে ৰাইজে ক'ভিড বিধি তথা চৰকাৰী নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি নচলে তেতিয়ালৈকে ক'ভিড ৰোধ কৰিব নোৱাৰি বুলি মন্তব্য কৰে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত গৰাকীয়ে ৷